দেশৰ বিভিন্ন প্ৰান্তত কৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ মহন্ত বিশ্ব শৰ্মাই অসমত লকডাউন দিয়াৰ চিন্তা-চৰ্চা কৰা হোৱা নাই বুলি মন্তব্য কৰিছে।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে লকডাউন আৰোপ কৰাৰ বাবে চিন্তা-চৰ্চা কৰা নাই কিয়নো অসমত কভিড-১৯ পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত আছে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিব।
‘অসমত পৰিস্থিতি নিয়ন্ত্ৰণত আছে। আমি দৈনিক ৫০-৭০ টাহে কেছ পাই আছো, যিবোৰ বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনৰ পৰা অহা। ৰাজ্যখনত বেছি ঘটনা নাই। গতিকে, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই’, এইদৰে কয় হিমন্তই।
তেওঁ লগতে কয়, ‘যদি আমি বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত সঠিকভাৱে পৰীক্ষা অব্যাহত ৰাখো তেন্তে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব’।
উল্লেখ্য যে অসমত এতিয়া ৬৮৩ গৰাকী কৰ’ণাৰ সক্ৰিয় ৰোগী আছে। আনহাতে এতিয়ালৈকে ২,১৫,৬৯১ জন লোক এই ৰোগৰ পৰা আৰোগ্য হৈছে, যাৰ ফলত কৰ’ণাৰ আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশলৈ বৃদ্ধি পাইছে।
আনহাতে, মুঠ ১০.৬৯ লাখ লোকক কভিড-১৯ ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰাৰ বিপৰীতে ১.৮৪ লাখ লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে।
আৰু পঢ়ক : আই পি এল ২০২১ৰ পূৰ্বে চীনা কোম্পানি VIVO-ৰ ব্ৰেণ্ড এম্বেছাডৰ হ’ল বিৰাট কোহলী