33 C
Guwahati
Thursday, August 4, 2022
More

    কৰ’ণাৰ সংহাৰ; নৱম বাৰৰ বাবে কঠোৰ লকডাউন এই চহৰখনত

    চীনত অব্যাহত আছে কৰ’ণাৰ সংহাৰ। সবাটোকৈ শোচনীয় পৰিৱেশ হৈছে চাংঘাই চহৰত। ইয়াত ২৭ মাৰ্চৰ পৰাই কঠোৰ লকডাউন প্ৰযোজ্য হৈ আছে চহৰখনত ।

    কিন্তু এতিয়া দেশখনৰ সৰু সৰু চহৰবোৰতো কৰ’ণাই কাল ৰূপ ধাৰণ কৰিব ধৰিছে।

    দেশখনৰ দক্ষিণ-পশ্চিম সীমাস্থিত ৰুইলী নামৰ এখন সৰু চহৰত এতিয়ালৈকে নৱন বাৰৰ বাবে আৰোপ কৰা হ’ল কঠোৰ লকডাউন ।

    এই চহৰখন চীন আৰু ম্যানমাৰৰ মাজৰ ব্যৱসায়ৰ মূল কেন্দ্ৰ। কিন্তু এতিয়া চহৰখন স্তব্ধ, কিয়নো কেইবা সপ্তাহ ধৰি প্ৰযোজ্য হৈ থকা লকডাউনৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে।

    এই কাৰণৰ বাবেই এতিয়া ২ লাখ লোকে চহৰ এৰিবলৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে।

    এতিয়ালৈকে চহৰখনত ১৬০ দিনৰো অধিক সময় লকডাউন প্ৰযোজ্য হৈ আছে। ইয়াৰ ফলত সাধাৰণ লোকসকল চিন্তিত হৈ পৰিছে।

    বাহিৰৰ পৰা যাতে কৰ’ণা প্ৰৱেশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চীনা চৰকাৰে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    আৰু পঢ়ক : টুইটাৰৰ পিছত এইবাৰ কোকা-কোলা কোম্পানী ক্ৰয়ৰ মন মেলিছে এলন মাস্কে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং