গহপুৰত সুকলমে সম্পন্ন লকদাউন বিবাহ; মুখত মাস্ক পিন্ধি তেজপুৰৰ দৰা আহিল গহপুৰৰ কইনা ঘৰলৈ

৬-৭ জন বৰযাত্ৰী লৈ কইনাৰ ঘৰত উপস্থিত হয় দৰা

0
148

দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে গহপুৰত সুকলমে সম্পন্ন বিবাহ। লকডাউনৰ বাবে বহু পৰিৱৰ্তন কৰিব লগৈ হৈছে বিবাহৰ সামাজিক ৰীতি-নীতি৷ সামাজিক দুৰত্ব মানি সীমিত সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছে বিবাহ।

লকডাউনৰ বাবে ব’হাগ মাহত হ’বলগীয়া বহু শুভ বিবাহৰ তাৰিখ পিছুৱাই যোৱাৰ মাজতে চৰকাৰী সকলো নীতি নিয়ম মানি গহপুৰত অনুষ্ঠিত হয় এখন বিবাহ। পূৰ্ব নিৰ্ধাৰিত তাৰিখ মতেই আজি দিনৰ পোহৰতে দৰা-কইনাই মুখত মাস্ক পৰিধান কৰি হোমৰ জুইক সাক্ষী কৰি পাতনি মেলে যুগ্ম জীৱনৰ।

তেজপুৰৰ দৰা সুপ্ৰভাতে মাত্ৰ ৬-৭ জন বৰযাত্ৰী লৈ উপস্থিত হয় গহপুৰৰ কাউৰি পথাৰৰ কইনা চবিতাৰ ঘৰত। আয়তীৰ উৰুলি আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত দুয়োৰে শুভ বিবাহ সম্পন্ন হয়।

PHoto Credit: @moongogoi