সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম ভংগ; দলগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত প্ৰচণ্ড ভিৰ

দৰঙৰ দলগাঁৱত অপ্ৰাসংগিক হৈ পৰিছে লক ডাউন

0
116

সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ সময়তে দৰঙৰ দলগাঁৱত অপ্ৰাসংগিক হৈ পৰিছে লক ডাউনৰ ঘোষণা৷ কেইদিনমানৰ পূৰ্বে ৰাইজৰ চলাচল সীমিত আছিল যদিও কালিৰে পৰা বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰবোৰৰ লগতে বেংকতো টকা উলিয়াবলৈ ভিৰ কৰিছে ৰাইজ৷

প্ৰধানমন্ত্ৰী মোদীৰ ধনজন আঁচনিৰ যোগেদি ৫০০ টকাকৈ একাউণ্টত জমা হোৱাৰ খবৰ লাভ কৰি এনেদৰে বিশেষকৈ মহিলাসকলে ভিৰ কৰিছে৷ সামাজিক দূৰত্ব বজাই নাৰাখি টকা উঠাবলৈ ঘণ্টাৰ পিছত ঘণ্টা ৰ’দত থিয় হৈ থাকিবলগীয়া হৈছে৷ একপ্ৰকাৰ লক ডাউন অপ্ৰাসংগিক হৈ পৰিছে দলগাঁৱত৷ কোনেও নামানে লক ডাউনৰ নিৰ্দেশনা ৷

Photo: Time8