বক্স অফিচত হিট লোকেল উৎপাত, জোয়েশভাই জোৰদাৰ আৰু ডঃ ষ্ট্ৰেঞ্জ ছবিকো পিছ পেলালে লোকেল উৎপাতৰ উপাৰ্জনে
মিছন চাইনা, কাঞ্চনজাংঘা আৰু ৰত্নাকৰৰ পিছত, এইবাৰ বক্স অফিচত হিট হোৱাৰ দিশে অসমীয়া চিনেমা স্থানীয় উৎপাত। বলীউড আৰু বলীউডৰ ছবি জোয়েশভাই জোৰদাৰ আৰু ডঃ ষ্ট্ৰেঞ্জ ছবিকো পিছ পেলালে লোকেল উৎপাতৰ উপাৰ্জনে।
ছবিখনৰ পৰিচালক কেনি বসুমতাৰীয়ে জানিবলৈ দিয়ে এই বিষয়ে। ছবিখনৰ ইমান সফলতাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। কেনিয়ে সদৰি কৰা অনুসৰি ভৱাতকৈ অধিক আকোৱালি লৈছে দৰ্শকে।
বলীউডৰ ছবি জোয়েশভাই জোৰদাৰ আৰু হলীউডৰ ডঃ ষ্ট্ৰেঞ্জ ছবিৰ প্ৰথম সপ্তাহৰ যিমান উপাৰ্জন আছিল তাতকৈ অধিক উপাৰ্জন কৰিছে লোকেল উৎপাতে। লোকেল উৎপাতে প্ৰথম সপ্তাহত মুঠ ৪০ লাখ টকা উপাৰ্জন কৰিছে।
সামাজিক মাধ্যমত কিছু সংখ্যকে শ্বেয়াৰ কৰা অনুসৰি ছবিখন এবাৰ নহয়, দুবাৰকৈ উপভোগ কৰিছে। ছবি খন চাই ওলাই অহা সকলো দৰ্শকৰে এটাই মন্তব্য সম্পূৰ্ণ দুই ঘণ্টা কেৱল হাঁহোতেই গ’ল, যি ধৰণে ছবিখন বিচাৰিছিল তেনেধৰণেই পাইছে।
লোকেল উৎপাতত কাম কৰা দলটোৰ প্ৰথম ছবি আছিল লোকেল কুং ফু, যি ছবিও বিশেষ কোনো প্ৰচাৰ অবিহনেই দৰ্শকে আকোৱালি লৈছিল। তাৰ পাছতো সেই দলটোৰ আহিল অন্য ছবিয়ো, এইবাৰ লোকেল উৎপাত।
ছবিখন এতিয়া অসমৰ লগতে অসমৰ বাহিৰতো প্ৰদৰ্শন হব। অহা ২৭ মে’ শুকুৰবাৰৰ পৰা কলিকতা, নয়দা, মুম্বাই, খাৰঘৰ, বাংগালোৰ, দিল্লীত এটা সপ্তাহৰ বাবে প্ৰদৰ্শন কৰা হব বুলি জানিবলৈ দিয়ে কেনি বসুমতাৰীয়ে।
আৰু পঢ়ক :- ২০ বছৰে ধৰি বিয়া নামি নহা এখন গাঁও, বিয়াৰ খবৰ ওলালেই ভাঙি যায়…