কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ ! মুকলিৰ দুটা মাহতে ৫০ হাজাৰৰো অধিক দৰ্শকে দৰ্শন কৰিলে উদ্যানখন

0
176

কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ ! মুকলিৰ দুটা মাহতে ৫০ হাজাৰৰো অধিক দৰ্শকে দৰ্শন কৰিলে উদ্যানখন

কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ আহিছে । তাৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া উদুলি মুদুলি পৰিৱেশ।২০২২-২৩ পৰ্যটন বৰ্ষৰ প্ৰথম দুটা মাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ৬৭,৮৬৩ গৰাকী পৰ্যটকে।

উল্লেখযোগ্য যে যোৱা অক্টোবৰ মাহৰ দুই তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে অক্টোবৰ মাহত ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰা পৰ্যটকৰ সংখ্যা আছিল ২৭,৩৯৩ গৰাকী ৷

নবেম্বৰ মাহত ১৩৪০ গৰাকী বিদেশী পৰ্যটককে ধৰি পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ল ৪০,৪৭০ গৰাকীলৈ ৷ অক্টোবৰ মাহত বিদেশী পৰ্যটকৰ সংখ্যা আছিল ২৭৮ গৰাকী ৷ অৱশ্যে হাতী ছাফাৰীত পৰ্যটকৰ সংখ্যা অতিৰিক্ত নোহোৱাত গতানুগতিক ভাৱে হাতী ছাফাৰী কৰাৰ সুবিধা লাভ কৰিছে পৰ্যটকে ৷

আনহাতে ডিচেম্বৰ মাহত পৰ্যটকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷কাৰণ কাজিৰঙাৰ পৰ্যটক নিবাস সমূহ ডিচেম্বৰ মাহৰ বাবে আগতীয়া বুকিং সম্পন্ন হৈছে ৷

Input and photo- Kishan Chetry