
বৃহস্পতিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ। অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ পদক।
এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে দক্ষিণ অসমৰ উপ-মহাপৰিদৰ্শক কংকণ জ্যোতি শইকীয়ালৈ।
সেইদৰে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়াক উকৃষ্ট সেৱাৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে।
তেওঁলোক হৈছে- দিগন্ত বৰা (গুৱাহাটী আৰক্ষী আয়ুক্ত), মজিবুৰ ৰহমান (আৰক্ষী অধীক্ষক, গুৱাহাটী), ড০ ৰ’জী কলিতা (মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক, গুৱাহাটী), অনুকুল মালাকৰ (পৰিদৰ্শক, ইউবি, গুৱাহাটী), ছিকাৰী ইংতি, দিলীপ কলিতা, মুজিবুৰ ৰহমান চৌধুৰী, মানিক কংস বণিক, সোমেশ্বৰ মুদৈ, সুনীল ফুকন, জুনমণি তামুলী, আনন্দ ৰংহাং, ৰিতু মণি বৈৰাগী আৰু সুভাষ ৰাভা।