24.1 C
Guwahati
Saturday, September 18, 2021
More

    ১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্যঃ ফাদিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন…

    ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীৰ হৃদয় কঁপাই যোৱা ১৩ মে’ত সংঘটিত হোৱা ১৮ টাকৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য ফাদিল। মৰণোত্তৰ পৰাক্ষীৰ ফলাফলত পোহৰলৈ আহিছে মৃত্যু ৰহস্যৰ কাৰণ।

    নগাঁৱৰ বামুণী পাহাৰত ১৮ টা কৈ হাতীে কৰুণ মৃত্যু সাৱটি লোৱা ঘটনাই যেন বহু লোককে আচৰিত কৰি তুলিছিল। আৰম্ভণিতে সেই মৃত্যুৰ কাৰণ বজ্ৰপাত বুলি কোৱা হৈছিল। আনকি বনমন্ত্ৰী পৰিমল শুক্লবদ্যয়ো বজ্ৰপাতেই মৃত্যুৰ কাৰণ বুলি সদৰি কৰিছিল।

    কিন্তু আজি প্ৰকাশ পোৱা মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অনুসৰি কেউটা হাতীৰে মৃত্যুৰ কাৰণ উচ্চ বৈদ্যুতিক শ্বকউচ্চ বৈদ্যুতিক শ্বকৰ বাবে সৃষ্টি হোৱা জুয়ে পোৰাৰ ফলতে মৃত্যু হৈছিল বামুণী পাহাৰৰ ১৮টা হাতীৰ৷

    উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ শিৰোনাম দখল কৰা এই ঘটনা সংঘটিত হোৱাৰ পিছদিনাই দুৰ্গম পাহাৰত উপস্থিত হৈছিল ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যকে ধৰি বহু উচ্চপদস্থ বন বিষয়া । ঘটনাক লৈ শোকত ম্ৰিয়মান হৈ পৰিছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

    স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমী কোনো এজন লোকে হাতীৰ এটা জাকৰ মৃত্যু প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা বুলি মানি ল’ব পৰা নাছিল, যদিও বজ্ৰপাতৰ ফলতেই হাতীকেইটাৰ মৃত্যু হোৱা বুলি প্ৰথম অৱস্থাতে দাবী কৰিছিল বনমন্ত্ৰী অথবা ৰাজ্যৰ বিয়াগোম বন বিভাগে ।

    ১৩ মে’ বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছদিনাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল হাতী কেইটা। কিন্তু আজি ১৪ টা দিনৰ অন্তত হে পোহৰলৈ আহি এই মৃত্যু ৰহস্য।

    আৰু পঢ়ক : কৰণাৰ তৃতীয় ঢৌৰ আগমণ! ৰাজস্থানত ৬০০ৰো অধিক শিশু আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং