
কেব/কা বিৰোধী আন্দোলনত সমগ্ৰ অসম উত্তপ্ত হৈ থকাৰ সময়তে ৰাজ্যৰ কেইবাখনো চহৰত জাৰি কৰা হৈছিল সান্ধ্য আইন। ক্ৰমান্বয়ে পৰিস্থিতি উন্নত হোৱাত আজিৰে পৰা গুৱাহাটীত সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন। আনহাতে, ডিব্ৰুগড়ত নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বাহাল থাকিব।

বিগত কেইবাদিনো ধৰি হোৱা অগ্নিগৰ্ভ পৰিস্থিতিৰ পিছত ৰাজ্যৰ আন আন ঠাইতো ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। ৰাজ্যত পুনৰ আৰম্ভ হৈছে ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা। আজি সন্ধিয়ালৈ মোবাইল ইণ্টাৰনেট সেৱাও পুনৰ আৰম্ভ হোৱাৰ প্ৰৱল সম্ভাৱনা।