অনুৰাগীৰ সৈতে ব্যস্ত থকাৰ সময়তে চুৰি হ’ল লেৱাণ্ডোস্কিৰ ৫৬ লাখ টকাৰ ঘড়ী

0
450

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ ৰবাৰ্ট লেৱাণ্ডোস্কিয়ে বায়াৰ্ন মিউনিখ এৰি কিছুদিন পূৰ্বে যোগদান কৰিছিল বাৰ্চিলোনাত। কিন্তু নতুন দলত যোগ দিয়াৰ পিছতে এটা বেয়া অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হ’ল পোলেণ্ডৰ ষ্ট্ৰাইকাৰগৰাকী।

স্পেইনৰ সংবাদ মাধ্যম মাৰ্কাৰে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে (১৮ আগষ্ট) বাৰ্চিলোনাৰ চিউটাট এস্প’টিভা প্ৰশিক্ষণ খেলপথাৰৰ বাহিৰৰ পৰা কোনো এজন লোকে তেওঁৰ অতি মূল্যৱান ঘড়ীটো চুৰ কৰি লৈ যায়।

জানিব পৰা মতে, ৩৩ বছৰীয়া লেৱাণ্ডোস্কিয়ে সন্ধিয়া ক্লাবৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আহিছিল। আন দিনাৰ দৰেই বাৰ্চিলোনাৰ প্ৰশিক্ষণ খেলপথাৰত ভিৰ কৰিছিল অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় তাৰকাসকলৰ আভাস পোৱাৰ আশাত।

লেৱাণ্ডোস্কিয়েও অনুৰাগীৰ সৈতে ফটো আৰু অটোগ্ৰাফ দিয়াত ব্যস্ত আছিল। ঠিক তেতিয়াই এজন মানুহে নিজৰ গাড়ীৰ দুৱাৰ খুলি লেৱাণ্ডোস্কিৰ ঘড়ীটো লৈ যায়।

লেৱাণ্ডোস্কিৰ ঘড়ীটোৰ মূল্য ৭০,০০০ ইউৰো, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৬,২৫,০০০ টকা।

কাটালন আৰক্ষীয়ে ততাতৈয়াকৈ অভিযোগ লাভ কৰি তদন্ত আৰম্ভ কৰি চোৰটোক ধৰা পেলায়।

উল্লেখ্য যে দেওবাৰে বাৰ্চিলোনাই ৰিয়েল ছ’চিয়েডাডৰ বিৰুদ্ধে ছিজনৰ দ্বিতীয়খন লীগ মেচত খেলিব।