
প্ৰায় এটা মাহৰ অন্তত উদ্ধাৰ হ’ল লেহুক মৰাণৰ মৃতদেহ
অৰুণাচল প্ৰদেশৰ ইটানগৰতপ্ৰায় ১ টা মাহৰ অন্তত অৰ্ধগলীত অৱস্থাত উদ্ধাৰ হ’ল লেহুক মৰাণৰ
মৃতদেহ |
গুলিবিদ্ধ অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হৈছে লেহুক মৰাণৰ মৃতদেহ ৷
উল্লেখ্য যে তিনিচুকীয়া কাকপথাৰ বৰালি উভতা গাঁৱৰ বাসিন্দা আছিলে লেহুক মৰাণ|
যোৱা ১৭ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা লেহুক মৰাণৰ মৃতদেহ অৰ্দ্ধগলিত অৱস্থাত অৰুণাচল প্ৰদেশৰ দূৰ্গম অঞ্চলত উদ্ধাৰ কৰা হয় ৷
অৰুণাচল প্ৰদেশৰ দূৰ্গম অঞ্চলৰ পৰা নিজ ঘৰলৈ লেহুক মৰাণৰ মৃতদেহ অনাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে |
দৰাচলতেযোৱা পাঁচ অক্টোবৰ তাৰিখে ঘৰৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ বুলি হাতীৰ মাউত হিচাপে উলাই গৈছিল |
মনোজ মৰাণ নামৰ এজন ব্যক্তিয়ে অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ তেওঁক লৈ গৈছিল |
তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল ব্যক্তি গৰাকী | ইটানগৰৰ কামেং আৰক্ষী থানাৰ অন্তৰ্গত ১২ কিলো বস্ক কাটিং নামৰ ঠাইত মৃতদেহটো উদ্ধাৰ কৰা হৈছে |
কিন্তু অৰুণাচলৰ লোক সকলে গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে |