মহানগৰীৰ মাজমজিয়াত অধিবক্তাক আক্ৰমণ! জনতা ভৱনৰ সমীপতে মাতৃ–পুত্ৰক ডেগাৰেৰে হানি খুচি হত্যাৰ চেষ্টা ডকাইতৰ…

0
104

মহানগৰীৰ মাজমজিয়াত অধিবক্তাক আক্ৰমণ! জনতা ভৱনৰ সমীপতে মাতৃ–পুত্ৰক ডেগাৰেৰে হানি খুচি হত্যাৰ চেষ্টা ডকাইতৰ

মহানগৰীৰ মাজ মজিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। জনতা ভৱনৰ সমীপতে দুজন ব্যক্তিক হত্যাৰ চেষ্টা কৰা হয়। ডেগাৰেৰে হানি হত্যাৰ চেষ্টা দুয়োজনকে।

দিছপুৰৰ দেৱদাৰু পথত সংঘটিত হৈছে এই ভয়াবহ ঘটনাটোৰ। অধিবক্তা নিৰুপমা শইকীয়া আৰু পুত্ৰ অভিজিৎ শইকীয়াক আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে।

ড্ৰীমলেণ্ড পাৰ্কৰ স্বত্বাধিকাৰী নিৰুপমা শইকীয়া। ডকাইতি কৰিবলৈ আহি ডেগাৰেৰে আক্ৰমণ দুয়োকে। সংকটজনক অৱস্থাত দুয়োজন চিকিৎসাধীন। পুত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে সামান্য আঘাতপ্ৰাপ্ত হৈছে মাতৃ।