স্বৰ্গীয় কৈলাশ নাথ শৰ্মা সোঁৱৰণী মুকলি দবা প্ৰতিযোগিতাৰ সফল পৰিসমাপ্তি, শ্ৰেষ্ঠ খেলুৱৈ বৰপেটাৰ বৰ্ণিল

0
475
স্বৰ্গীয় কৈলাশ নাথ শৰ্মা সোঁৱৰণী মুকলি দবা প্ৰতিযোগিতাৰ সফল পৰিসমাপ্তি

স্বৰ্গীয় কৈলাশ নাথ শৰ্মা সোঁৱৰণী মুকলি দবা প্ৰতিযোগিতাৰ সফল পৰিসমাপ্তি। বৰপেটাৰ বৰ্ণিল কুমাৰ দাস প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। তাৰ লগতে শ্ৰেষ্ঠ বিদ্যালয় হিচাপে পৰিগণিত গুৱাহাটীৰ খানাপাৰাস্থিত দিল্লী পাব্লিক স্কুল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ, বিশিষ্ট সাহিত্যিক, গীতিকাৰ স্বৰ্গীয় কৈলাশ নাথ শৰ্মাৰ সোঁৱৰণত আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ বিদ্যালয় ভিত্তিক মুকলি অনলাইন দবা প্ৰতিযোগিতাৰ সফল পৰিসমাপ্তি।

ৰাজ্যখনৰ অগ্ৰনী শিশু প্ৰতিভা বিকাশ আৰু আশ্ৰয় কেন্দ্ৰ গুৱাহাটীৰ ‘স্নেহ বন্ধন’ত এই প্ৰতিযোগিতাখন আয়োজিত কৰা হয়। এই মুকলি দবা প্ৰতিযোগিতাক ৰাজ্যখনৰ ২০০ৰো অধিক মেধাৱী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

মুঠ ১০ টা ৰো অধিক শাখাত দবা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈক বঁটা প্ৰদান কৰা হয়। স্বৰ্গীয় কৈলাশ নাথ শৰ্মা স্মৃতি ন্যাস আৰু স্নেহ-বন্ধন কৰ্তৃপক্ষই বিজয়ী প্ৰতিযোগীসকলৰ লগতে এই প্ৰতিযোগিতাত অংশ লোৱা সকলো ছাত্ৰ ছাত্ৰীক শলাগ জনায়।

বঁটা বিতৰণী অনুষ্ঠানত ৰাজ্যখনৰ কেইবাজনো অগ্ৰণী দবা খেলুৱৈৰ লগতে স্বৰ্গীয় কৈলাশ নাথ শৰ্মা ন্যাসৰ হৈ ৰিণিকি ভূঞা শৰ্মা উপস্থিত থাকে। শিশু আৰু কিশোৰৰ বৌদ্ধিক বিকাশৰ বাবে স্নেহ বন্ধন আৰু স্বৰ্গীয় কৈলাশ নাথ শৰ্মা ন্যাসে বিগত বছৰসমূহৰত নিৰবিচ্ছিন্নভাৱে ব্ৰতী হৈ আহিছে।

পৰৱৰ্তী সময়তো এই ধাৰা অব্যাহত থাকিব আৰু বিভিন্ন প্ৰতিযোগিতা, কৰ্মশালা আৰু প্ৰশিক্ষণৰ জৰিয়তে ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীৰ মানসিক শ্ৰীবৃদ্ধিৰ হকে দুয়োটা অনুষ্ঠানে কাম কৰি যাব বুলি মন্তব্য কৰে ৰিণিকি ভূঞা শৰ্মাই।

আৰু পঢ়ক : ৩,৫০০ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী