ৰিয়ান পৰাগক কেনেদৰে উচ্চ প্ৰশংসা লাচিথ মালিংগাৰ

0
21527
দুৰ্বল ফৰ্মৰে যুঁজি থকা কোহলীক কি উপদেশ দিলে ৰিয়ান পৰাগে?
ৰিয়ান পৰাগ, ফাইল ফটো

শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বলাৰ তথা বৰ্তমান ৰাজস্থান ৰোয়েলছৰ বলিং প্ৰশিক্ষক লাচিথ মালিংগাই উচ্চ প্ৰশংসা কৰিছে অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগক।

লাচিথ মালিংগাই ৰিয়ান পৰাগক উচ্চ প্ৰশংসা কৰি ৰিয়ান পৰাগে খেলপথাৰৰ ভিতৰত যিধৰণে উৎসাহী হৈ থাকে সেয়া আচৰিত বুলি উল্লেখ কৰে।

ৰিয়ান পৰাগে খেলপথাৰৰ ভিতৰত দেখুওৱা আচৰণ দলৰ মনোবল বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় বুলিও লাচিথ মালিংগাই লগতে কয়।

ৰিয়ান পৰাগে চলিত আইপিএলত এটা আইপিএল ছিজনত সৰ্বাধিক কেচ ধৰাৰ ৰবীন্দ্ৰ জাদেজাৰ নামত ধকা অভিলেখ ভংগ কৰাৰ পাছতে মালিংগাই এইদৰে কয়।

ইপিনে, লাচিত মালিংগাৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন সূৰ্য্যকুমাৰ যাদৱেও ৰিয়ান পৰাগক প্ৰশংসা কৰি খেলপথাৰৰ ভিতৰত ৰিয়ানৰ আচৰণৰ প্ৰশংসা কৰিছিল।

চলিত আইপিএলত ৰিয়ান পৰাগে খেলপথাৰৰ ভিতৰত দেখুওৱা আচৰণৰ বাবে বহুবাৰ সমালোচনাৰো সন্মুখিন হবলগীয়া হৈছিল।