
লংকাৰ নখুটীৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ নতুন মোৰ। ঘটনা অনুসৰি শনিবাৰে বিয়লি চবুৰ আহমেদ নামৰ লোক এজনে তেওঁৰ CSPৰ টকা চেক যোগে উলিয়াই আনিবলৈ দিছিল জালাল উদ্দিন নামৰ লোক এজনক।
জালাল উদ্দীনে ২ লাখ টকা বেংকৰ পৰা উলিয়াই উভতা পথত ডকাইতৰ দল এটাই জালাল উদ্দীনক মাৰ-ধৰ কৰি ডেগাৰ দেখাই ধনখিনি লৈ যায় বুলি লংকাৰ উদালী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল।

ঘটনা সন্দৰ্ভত উদালী আৰু লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাই জালাল উদ্দিনক জেৰা কৰাত অন্য এক ঘটনাহে পোহৰলৈ আহে। জালাল উদ্দিনে টকাখিনি বজাৰৰ এখন গেলামাল দোকানত লুকুৱাই ৰাখি নিজে এখন নাটক ৰচনা কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত জালাল উদ্দিন আহমেদক৷