টিকট নাপাই বিজেপি এৰিব শিলাদিত্যইঃ “বিজেপিয়ে মোক ধৰি বহু কেইজনক ৰাজনৈতিকভাৱে হত্যা কৰিছে”

0
127
টিকট নাপাই বিজেপি এৰিব শিলাদিত্যইঃ

টিকট নাপাই বিজেপি এৰিব শিলাদিত্যইঃ “বিজেপিয়ে মোক ধৰি বহু কেইজনক ৰাজনৈতিকভাৱে হত্যা কৰিছে”

টিকট নাপাই বিজেপি এৰাৰ সিদ্ধান্ত শিলাদিত্য দেৱৰ।গুৱাহাটীৰ বিজেপি মুখ্য কাৰ্য্যলয়লৈ গৈ বিয়লি দল ত্যাগ পত্ৰ দাখিল কৰিব শিলাদিত্যই।

বিজেপিয়ে পাখি কাটিলে শিলাদিত্যৰ। শিলাদিত্যৰ বিপৰীতে হোজাইৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হ’ল ৰামকৃষ্ণ ঘোষ।

হোজাইত দীৰ্ঘদিন ধৰি বিধায়কৰ আসন অলংকৃত কৰিছিল শিলাদিত্য দেৱে। শেহতীয়াকৈ এক বিতৰ্কিত মন্তব্যৰ বাবে নিৰ্বাচনী আয়োগৰ ৰোষত পৰিছিল শিলাদিত্য দেৱ।

এই বাতৰিৰ পিছতে ফেচবুকযোগে বিজেপিয়ে অৱশেষত মোক গতিয়াই উলিয়াই দিলে বুলি পোষ্ট কৰিছিল বিধায়কগৰাকীয়ে।

“মোনা লোৱা মানুহজনৰ কথা কোৱা বাবে মোক বিজেপি টিকটৰ পৰা বঞ্চিত কৰিছে বুলি নাভাবো । বিজেপিত পুৰণি নীতি-আদৰ্শ নাই।বিজেপিয়ে মোক ধৰি বহু কেইজনক ৰাজনৈতিক ভাৱে হত্যা কৰিছে ।”

লংকা জোৰাপুখুৰীস্থিত নিজ বাসগৃহত সংবাদমেল পাতি উক্ত মন্তব্য কৰে শিলাদিত্য দেৱে।

ইফালে শিলাদিত্য দেৱৰ বাসগৃহত তেওঁৰ সমৰ্থকে উত্তেজিত হৈ বিজেপিৰ দলীয় পোষ্টাৰ বেনাৰ আদি ফালি লণ্ড-ভণ্ড কৰে।

আৰু পঢ়ক :  সমাগত নিৰ্বাচন! বোকাখাতত উদ্ধাৰ হৈছে লাখে লাখে টকা