১৪৪ ধাৰা জাৰিঃ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব মাইক্ৰ’ফোন

0
29574
কৰ'ণাৰ মহা সংক্ৰমণ, দৰং জিলাত ১৪৪ ধাৰা জাৰি
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৪৪ ধাৰা জাৰিঃ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব মাইক্ৰ’ফোন

ৰাজ্যত নিৰ্বাচনী গৰম বতাহ। আগন্তুক বিধানসভা নিৰ্বাচনত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰিবলৈ হোজাই জিলাত ১৪৪ ধাৰা জাৰি কৰা হয়।

হোজাই জিলাৰ জিলা দণ্ডাধীশ ডা° সাদনেক সিং আই.এ.এছয়ে জাৰি কৰে এই নিৰ্দেশনা। অহা ২২ মাৰ্চ ২০২১ তাৰিখৰ পৰা পৰৰ্ৱতী নিদেৰ্শ নিদিয়া পৰ্যন্ত এই নিৰ্দেশা বলৱৎ থাকিব

এই আদেশ অনুসৰি পাঁচজন বা তাতকৈ অধিক লোক ৰাজহুৱা স্থানত গোট খাব নোৱাৰিব। ৰাজহুৱা স্থানত মাৰণাস্ত্ৰ, লাঠি আদি লব নোৱাৰিব।

পুত্তলিকা দাহ, চৰকাৰী ভূমিত স্বহীদ বেদী স্থাপন কৰিব নোৱাৰিব। ৰাজহুৱা স্থানত ফটকা বা কোনো বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।

নিশা ১০ বজাৰ পৰা পুৱা ৬ বজা পৰ্যন্ত মাইক্ৰ’ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো ধৰণৰ প্ৰৰোচনামূলক বা সম্প্ৰদায়িক মন্তব্য, ৰাষ্ট্ৰ বিৰোধী মন্তব্য, শ্ল’গান দিয়া, দলীয় বেনাৰ, পোষ্টাৰ ইত্যাদি লগাব নোৱাৰিব।

আৰু পঢ়ক : ৰাজ্যত পুনৰ কা আন্দোলনৰ উকমোকনিঃ সদৌ অসম ছাত্ৰ সন্থাৰ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী