
আৰক্ষীৰ সন্মুখতে ভয়ংকৰ সংঘৰ্ষঃ ভূমিক লৈ খোৱা-কামোৰা, দা,লাঠি, ইটাৰে আক্ৰমণত আহত ৭ গৰাকী মহিলা :-
আৰক্ষীৰ সন্মুখত ভয়ংকৰ সংঘৰ্ষ। খাৰুপেটীয়াত ভূমি কেন্দ্ৰীক ভয়ংকৰ সংঘাট। চাউল খোৱা চাপৰিৰ দেৱানী মাতাব্বৰৰ আক্ৰমণৰ বলি নিৰীহ নদীৰমুখৰ ৭ গৰাকী মহিলা।
খাৰুপেটীয়া থানাৰ অন্তৰ্গত নদীৰমুখ গাঁৱত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা । ভূমি কেন্দ্ৰীক সংঘাতৰ বাবে সুদূৰ চাউলখোৱা চাপৰিৰ পৰা আচমত আলি , আনাৰ আলি , আমজাদ আলীৰ নেতৃত্বত এটা দলে দা, লাঠি, জোং আদি লৈ নদীৰমুখ গাঁৱৰ আকবৰ আলীৰ মাটিৰ এটা অংশৰ চাৰিওফালে জেওৰা দি টিনৰ চালিৰে ঘৰ বনাই দখল কৰে ।
ইয়াৰ বিৰুদ্ধে ভুক্তভোগী মাটিৰ মালিকে বাধা দিয়াৰ লগতে খাৰুপেটীয়া আৰক্ষীক অৱগত কৰি এজাহাৰ দিয়ে । এজাহাৰ ভিত্তিত খাৰুপেটীয়া থানাৰ আৰক্ষীৰ এটা দল ৰ্অধ সামৰিক বাহিনী সহ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ সময়তে আনোৱাৰ হাজী ,আব্দুল জব্বৰৰ নেতৃত্বত আনোৱাৰ হুছেইন ,চকমান আলি ,আমজাদ আলিকে আদি কৰি দলটোৱে আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত দা, লাঠি, ইটাৰে আক্ৰমণ কৰাত ৭ গৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয় ।
আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত কি দৰে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় তাক লৈ এতিয়া অঞ্চলটোত প্ৰশ্ন উদয় হৈছে । আনহাতে দলগাঁও সমষ্টিত দিনে দিনে ভূমি কেন্দ্ৰীক বিবাদ সৃষ্টি হোৱাত সচেতন ৰাইজে দৰং জিলা প্ৰশাসনৰ দুৰ্বল ভূমিকাক জগৰীয়া কৰিছে ।
সম্প্ৰতি আহত সকলক ততাতৈয়াকৈ খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
আৰু পঢ়ক : সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা! ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল যুৱকৰ