নাক কাটিলে কোনে! সাংবাদিকৰ পিঠিত উঠি বগা জোতাৰে বান চাবলৈ গ’ল বিধায়ক …

0
5118
নাক কাটিলে কোনে! সাংবাদিকৰ পিঠিত উঠি বগা জোতাৰে বান চাবলৈ গ'ল বিধায়ক …

ভৰিত বগা জোতা পিন্ধি বান চাবলৈ বুলি ওলাল এগৰাকী বিধায়ক, পাছে বান চাবলৈ গৈ পানীত নানামে ছাৰে। উপায়বিহীন হৈ ছাৰক নাওলৈ বুলি নিব লগা হয় কান্ধত তুলি।

যি দৃশ্যৰ ভিডিঅ আজি সকলোতে ভাইৰেল। এই কাৰ্যৰ পাছতে চৰ্চাৰ বিষয় হৈ পৰিছে বিধায়কগৰাকী। সাংবাদিকৰ পিঠিত উঠি বান বিধ্বস্ত এলেকা চাবলৈ নাওত উঠিল বিধায়ক শিবু মিশ্ৰ।

লামডিং সমষ্টিৰ বিজেপিৰ বিধায়কগৰাকীৰ এই নাশ্ৰুত নাভূত কাণ্ডত আচৰিত হৈ পৰিছে সচেতন নাগৰিক। সকলোফালে বিধায়ক গৰাকীক এতিয়া নিন্দা কৰিছে বহুতে।

নাক কাটিলে কোনে! সাংবাদিকৰ পিঠিত উঠি বগা জোতাৰে বান চাবলৈ গ'ল বিধায়ক …

আন একাংশই আকৌ সাংবাদিকগৰাকীকো নিন্দা কৰিছে। কোনোৱে কৈছে দেশৰ চতুৰ্থস্তম্ভই নিজৰ নাক কাটি ৰাজনীতিকক বোকাচাত তুলি জনতাৰ লগত অন্যায় কৰিছে।

এই সন্দৰ্ভত বিধায়ক শিবু মিশ্ৰক সোধোতে তেখেতে কয়, ‘মোৰ অলপ জ্বৰ হৈ আছে, পানীত নামিলে আৰু জ্বৰ হ’ব পাৰে, সেয়েহে কান্ধত উঠি আহিলো। বানাক্ৰান্তৰ খবৰ ল’বলৈ আহিছো’

ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক, বিধায়কে কাৰোবাৰ পিঠিত উঠিলেই নহব, ভৱিষ্যতে নিজেও কাৰোবাক পিঠিত উঠাব লাগিব। ভৱিষ্যৰ বাবে সাজু থাকিব লাগিব।

আৰু পঢ়ক :- বেছি ধুনিয়া হ’বলৈ গৈ বেছি বেয়া হৈ পৰিল নেকি, অনুৰাগীয়ে ক’লে বটক্স বেছি হৈ গ’ল…