GMCH ৰ দালালৰাজ ! অধ্যক্ষৰ চহী জালিয়াতি কৰি সৰকালে লাখ লাখ টকা

0
2791

GMCH ৰ দালালৰাজ ! অধ্যক্ষৰ চহী জালিয়াতি কৰি সৰকালে লাখ লাখ টকা

জিএমচিএইচ ত পুনৰ দালালৰাজৰ ঘটনা সংঘতিত হৈছে। জিএমচিএইচ ৰ অধ্যক্ষ অভিজিত শৰ্মাৰ চহী জালিয়াতিৰে ভুৱা বিল প্ৰস্তুত কৰা হৈছে।

মঞ্জুবালা নৰহ আৰু জুনু শইকীয়া নামৰ দুইগৰাকী ব্যক্তিৰ নামত প্ৰস্তুত হৈছে এই বিল আৰুঘটনা সন্দৰ্ভত ভঙাগড় থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে অভিজিত শৰ্মাই।

চহী জালিয়াতি কৰি অভিজিত শৰ্মাৰ নামত ভুৱা বিল প্ৰস্তুত কৰা হৈছে। জিএমচিএইচএইবাৰেই নহয় ইয়াৰ আগতেও বহুবাৰ এনেধৰণৰ দালাল ৰাজৰ ঘটনা সংঘটিত হৈছে।

অধ্যক্ষ গৰাকীৰ চহী জালিয়াতি কৰি এক দুই হাজাৰ টকা নহয় লাখ লাখ টকাৰএক বৃহৎ কেলেংকাৰী হৈছে জিএমচিএইচত।

কিন্তু বিগত কিছুদিন ধৰি তৃতীয় বাৰৰ বাবে ক’ভিডত আক্ৰান্ত হৈ আছিল জিএমচিএইচ ৰ অধ্যক্ষ গৰাকী। আৰু সেইসময়তে এটা দুষ্ট চক্ৰই কেইবাখনো বিল প্ৰস্তুত কৰি লাখে লাখে টকা মুকলি কৰি নিয়াৰ এক তথ্য পোহৰলৈ আহিছে।

অধ্যক্ষ গৰাকীয়ে ভঙাগড় থানাত গোচৰ ৰুজুকৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।