পাশৱিক কাণ্ড! দুগৰাকী ভগ্নীক দলবদ্ধভাৱে ধৰ্ষণ কৰি মৃতদেহ ওলমাই থলে গছত

0
91

পাশৱিক কাণ্ড! দুগৰাকী ভগ্নীক দলবদ্ধভাৱে ধৰ্ষণ কৰি মৃতদেহ ওলমাই থলে গছত

লখিমপুৰ খেৰী জিলাৰ নিঘাচন আৰক্ষী থানা অঞ্চলত দুগৰাকী বায়েক-ভনীয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে তমোলিন পুৰবা গাঁৱত একেটা ঘৰৰে দুগৰাকীকৈ কিশোৰীক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰে।

আৰক্ষী ছোটু, জুনেইদ, সুহাইল, হাফিজুৰ ৰহমান, আৰিফ আৰু কৰিমুদ্দিনক নামৰ ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি চোটু নামৰ অভিযুক্তজনে দুয়োগৰাকী কিশোৰীৰ সৈতে বন্ধুত্ব কৰিছিল। বুধবাৰে আবেলি দুয়োগৰাকীকে কুহিঁয়াৰ খেতিলৈ লৈ যোৱাৰ পিছত দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ পিছত যেতিয়া কিশোৰী দুগৰাকীয়ে যুৱক কেইজনক বিয়াৰ বাবে হেঁচা দিছিল।

তেতিয়া যুৱক কেইজনে কিশোৰী দুগৰাকীক ডিঙি চেপি হত্যা কৰে আৰু কিশোৰী দুগৰাকীৰ মৃতদেহ গছত ওলমাই আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰে।

পৰিয়ালৰ লোকে কিশোৰী দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি আটাইকেইজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত জুনেইদ নামৰ অভিযুক্তজনে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলিচালনা কৰে। দেহত গুলি লগাত জুনেইদক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বাকি পাঁচ জনক জেৰা অব্যাহত ৰাখিছে।