কৰ’ণাত আকান্ত হৈ মৃত্যু হোৱা নাই লখিমপুৰৰ তবলীগ জামাতীৰ

মৃত লোকজনৰ ৰিপৰ্ট নিগেটিভ অহাৰ পিছত আজি সম্পন্ন কৰিব মৰণোত্তৰ পৰীক্ষা

0
167

প্ৰশাসনৰ স্পষ্টীকৰণ, কৰ’ণাত আকান্ত হৈ মৃত্যু হোৱা নাই লখিমপুৰৰ তবলীগ জামাতীৰ। ডিব্ৰুগড় ICMRয়ে দাখিল কৰে এই প্ৰতিবেদন। মৃত্যু হোৱা জামাতী জনৰ নমুনা পৰীক্ষাৰ ফলাফলত কভিড-১৯ নিগেটিভ পোৱা গৈছে।

উল্লেখ্য যে কালি লখিমপুৰৰ লালুকৰ এটা মোক্তাৱ মাদ্ৰাছাত মৃত্যু হৈছিল লোকজনৰ। লোকজনৰ মৃত্যুৰ পিছতেই জামাতৰ দলটোৰ অন্য ১১ জন সদস্যক কালি জিলা প্ৰশাসনে কোৱাৰাণ্টাইনৰ ব্যৱস্থা কৰে। দলটো বৰপেটাৰ পৰা লখিমপুৰলৈ গৈছিল জামাতৰ বাবে।

মৃত লোকজনৰ নজাল স্ব’ৱাইবৰ ফল নিগেটিভ অহাৰ পিছত আজি সম্পন্ন কৰিব মৰণোত্তৰ পৰীক্ষা। লোক জনৰ মৃত্যুৰ কাৰণ এতিয়াও অজ্ঞাত।

Photo Credit: @hassinuralom