PUBG গেইমৰ ভূত, মাক আৰু ভাই-ভনীক গুলীয়াই হত্যা ১৪ বছৰীয়া কিশোৰৰ
জনপ্ৰিয় অনলাইন গেম পাবজি খেলি থাকোতেই এটি ১৪ বছৰীয়া কিশোৰে তেওঁৰ পৰিয়ালৰ আটাইকেজন সদস্যকে গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভিযুক্ত কিশোৰজনে তেওঁৰ মাক আৰু ভাই-ভনীক গুলীয়াইছিল। আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে যে তেওঁ পাবজি গেইমৰ প্ৰভাৱত আহিয়ে এই ঘটনা সংঘটিত কৰিছিল।
ঘটনাটো পাকিস্তানৰ পঞ্জাৱ অঞ্চলত সংঘটিত হৈছিল।
আৰক্ষীয়ে এক বিবৃতি জাৰি কৰি কয় যে যোৱা সপ্তাহত ৪৫ বছৰীয়া স্বাস্থ্য কৰ্মী নাহিদ মুবাৰকৰ মৃতদেহ উদ্ধাৰ হৈছিল। তেওঁৰ লগতে তেওঁৰ ২২ বছৰীয়া পুত্ৰ টাইমুৰ আৰু ১৭ আৰু ১১ বছৰ বয়সীয়া দুগৰাকী কন্যাৰ মৃতদেহ লাহোৰৰ কানহা অঞ্চলত উদ্ধাৰ হৈছিল।
মহিলাগৰাকীৰ নাবালক সন্তানটো জীৱিত অৱস্থাত পোৱা গৈছিল।
আৰক্ষীৰ বিবৃতিটোত কোৱা হৈছে যে হত্যাৰ অভিযোগত অভিযুক্তজনৰ পাবজি খেলাৰ অভ্যাস আছিল। তেওঁ আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে যে এই খেলৰ প্ৰভাৱত তেওঁ তেওঁৰ মাক আৰু ভাই-ভনীক হত্যা কৰিছিল।
আৰক্ষীৰ অনুসন্ধানত এইটোও দেখা গৈছে যে তেওঁৰ কিছু মানসিক সমস্যাও আছে।
আৰু পঢ়ক : ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস, কিন্তু উদ্বেগজনক হৈ আছে মৃত্যুৰ সংখ্যা