লেহত উপস্থিত হৈ ৰাজনাথ সিঙৰ সকিয়নী;এক ইঞ্চি মাটিও কোনোৱে কাঢ়ি ল’ব নোৱাৰে

0
387

দুটা দিনৰ কাৰ্যসূচীৰে আজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হয় লেহত।

জম্মু-কাশ্মীৰৰ লগতে লাডাখৰ সীমান্ত পৰিদৰ্শন কৰিব সিঙে। লেহত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতৰ এক ইঞ্চি মাটিও কোনোৱে কাঢ়ি ল’ব নোৱাৰে।

ভাৰতীয় সেনাক লৈ আমি গৌৰৱান্বিত। ভাৰতীয় সেনাৰ ওচৰলৈ আহি গৌৰৱান্বিত অনুভৱ কৰা বুলি কয় পিচে ।

তেওঁ কয় যে আমাৰ ভাৰতীয় সেনা ছহীদ হৈছে , আৰু ইয়াৰ শোক ১৩০ ভাৰতীয়ৰ মনতো আছে ।

এতিয়ালৈকে যি কথা বতৰা হৈছে ইয়াৰ সহায়ত সমস্যা সমাধান হ’ব পাৰে বুলি মন্তব্য প্ৰকাশ কৰি সিঙে কয় যে কিমান দূৰলৈ সমস্যা সমাধান হ’ব ইয়াৰ কোনো নিশ্চয়তা নাই ।

কিন্তু এয়া স্পষ্ট যে পৃথিৱীৰ কোনো শক্তিয়ে ভাৰতৰ এক ইঞ্চি মাটিও কাঢ়িব নোৱাৰে। ইয়াৰ ওপৰত কোনোৱে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।


সিঙে কয় যে “ভাৰতবৰ্ষ পৃথিৱীৰ একমাত্ৰ এখন দেশ যিয়ে সমগ্ৰ বিশ্বক শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে ।

আমি কেতিয়াও কোনো দেশক আক্ৰমণ কৰা নাই আৰু কোনো দেশৰ মাটি কাঢ়ি লোৱা নাই । ভাৰতে ‘বসুধেৱ কুটুম্বকম’ ৰ বাৰ্তা দিয়ে ”।

ভাৰতবৰ্ষই কেতিয়াও অশান্তি নিবিচাৰে বুলি মন্তব্য প্ৰকাশ কৰি সিঙে কয় যে যদিহে কোনোৱে ভাৰতৰ স্বাভিমানক আঘাত কৰে তেন্তে তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব ।

photo credit : outlookindia