
নলবাৰী কাৰাগাৰত ঠাইৰ অভাৱ ! বাল্য বিবাহ কৰাই গ্ৰেপ্তাৰ হোৱা লোকক স্থানান্তৰ
অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বাল্য বিবাহ কৰোৱা বহুটো লোকক গ্ৰেপ্তাৰ কৰিছিল। নলবাৰীটো আৰক্ষীয়ে বহু লোকক গ্ৰেপ্তাৰ কৰিছিল।
কিন্তু তাৰ পিছতে এতিয়া সেই লোক সকলক থবৰ বাবে নলবাৰী কাৰাগাৰত ঠাইৰ অভাৱ হৈছে।
সেয়েহে নলবাৰী কাৰাগাৰৰ পৰা বহু বাল্য বিবাহৰ লগত গ্ৰেপ্তাৰ হোৱা কাৰাবন্দীক গোৱালপাৰা জেললৈ স্থানান্তৰ কৰা হৈছে।নলবাৰী কাৰাগাৰৰ পৰা ১৮৫ জন বাল্য বিবাহৰ লগত গ্ৰেপ্তাৰ হোৱা কাৰাবন্দীক স্থানান্তৰ কৰা হৈছে।আৰক্ষীৰ দলটোৱে ৪ খন বাছেৰে ১৮৫ জন লোকক লৈ গোৱালপাৰা কাৰাগালৈ ৰাউনা হয় ।