পাৰ্থ সাৰথি মহন্ত ৰচিত ‘লাচিত (The Warrior)’ শীৰ্ষক কবিতা উন্মোচন

0
41

আজি ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক উৎসাহ উদ্দীপনাৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সময়তে আৰক্ষী বিষয়া তথা লেখক-সাহিত্যিক পাৰ্থ সাৰথি মহন্তই বীৰ যোদ্ধাজনৰ বিষয়ে লিখা ‘লাচিত’ (The Warrior) শীৰ্ষক এটি জীৱন ভিত্তিক কবিতা মুকলি কৰা হয়।

দৃশ্য-শ্ৰাব্য মাধ্যমত প্ৰস্তুত কৰা এই কবিতাটি শ্ৰীমন্ত্ৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত টাই আহোম যুৱ পৰিষদৰ লাচিত দিৱস উদযাপনৰ কাৰ্যসূচীত পদ্মশ্ৰী ড০ যোগেন্দ্ৰনাথ ফুকন আৰু আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে উন্মোচন কৰে।

আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ পৰিকল্পনা আৰু পৰিচালনাত যুগুত কৰা এই কবিতাটি আবৃত্তি কৰিছে ড০ অমৰজ্যোতি চৌধুৰীয়ে আৰু আৱহ সংগীত ৰূপম তালুকদাৰৰ। কবিতাটিৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ অনুপম মহন্ত।

এই অনুষ্ঠানটোত অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাওনামেন, ভাৰতীয় সেনাৰ বাহিনীৰ ৫২ ছাব-এৰিয়া, নাৰেংগীৰ সেনা বিষয়া আৰু জোৱানসকলৰ লগতে আন বহু লোক উপস্থিত থাকে।

উল্লেখ্য যে, জীৱনীমূলক কবিতাটোত লাচিত বৰফুকনৰ গোটেই জীৱনৰ কৰ্মৰাজি, বৰসেনাপতি হিচাপে যি যুদ্ধকৌশল, সেনা পৰিচালনাৰ যি দক্ষতা আৰু বিচক্ষণতা সেই সকলোখিনি কবিতাটিত তথ্য সহকাৰে উপস্থাপন কৰা হৈছে।

৪০০ সংখঅযক জয়ন্তীত মহানায়কগৰাকীৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ অৰ্থে এই কবিতাটি আগবঢ়োৱা হৈছে বুলি জনাই পাৰ্থ সাৰথি মহন্তই।