20 C
Guwahati
Saturday, December 4, 2021
More

    লাচিত বৰফুকন ‘উত্তৰ-পূব ভাৰতৰ শিৱাজী’ : আৰ এছ এছৰ টুইটে লগাইছে খলকনি

    লাচিত বৰফুকন ‘উত্তৰ-পূব ভাৰতৰ শিৱাজী’ : আৰ এছ এছৰ টুইটে লগাইছে খলকনি

    অসমৰ আহোম সাম্ৰাজ্যৰ সেনাপতি মহাবীৰ লাচিত বৰফুকনক দেশৰ আন এজন মহান যোদ্ধা শিৱাজীৰ সৈতে কৰা তুলনাৰ বাবে ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)।

    ‘বীৰ’ লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী উপলক্ষ্যে আৰ এছ এছে এটা টুইটযোগে বৰফুকনক ‘উত্তৰ-পূব ভাৰতৰ শিৱাজী’ বুলি অভিহিত কৰিছে।

    আৰ এছ এছে টুইটটোত কয়, ‘মোগল আক্ৰমণকাৰীৰ পৰা উত্তৰ-পূব ভাৰতক ৰক্ষা কৰা বীৰ যোদ্ধা লাচিত বৰফুকনৰ জীৱন আৰু ব্যক্তিত্ব বীৰত্ব, আত্মসন্মান আৰু সমৰ্পণৰ সমাৰ্থক। শৰাইঘাটৰ যুদ্ধত, লাচিত বৰফুকনে মোগলসকলক এনেদৰে পৰাস্ত কৰিছিল যে তেওঁৰ দৰে যোদ্ধা জীয়াই থকালৈকে তেওঁলোকে ভাৰতৰ উত্তৰ-পূব অঞ্চলক কেতিয়াও বশ কৰিব নোৱাৰিলে। সেয়ে তেওঁক “উত্তৰ-পূব ভাৰতৰ শিৱাজী” বুলি কোৱা হয়।‘

    লাচিত বৰফুকনক আন এজন বীৰ যোদ্ধাৰ সৈতে তুলনা কৰাৰ প্ৰসংগত বহুতে অসন্তুষ্টি প্ৰকাশ কৰি আৰ এছ এছৰ টুইটটোত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

    এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, ‘তেওঁ মহান আছিল কাৰণ তেওঁ লাচিত আছিল, উত্তৰ-পূবৰ শিৱাজী নহয়। এই বৰ্ণনাটো এই মহান যোদ্ধাৰ বাবে অপমান যিয়ে ঔৰংজেবৰ সৈন্য বাহিনীক পৰাস্ত কৰিছিল। উত্তৰ-পূবৰ নিজা গৌৰৱ আছে। আমাক অবাঞ্ছিত তুলনাৰ প্ৰয়োজন নাই। লাচিত কেৱল সাহসী নাছিল, তেওঁ যুদ্ধও জয়ী হৈছিল।‘

    আন এগৰাকীয়ে টুইটত কয়, ‘উত্তৰ-পূবৰ শিৱাজী মানে কি? আৰু কোনে এই নামেৰে মাতে? আপুনি শিৱাজীক ‘মহাৰাষ্ট্ৰৰ লাচিত বৰফুকন’ বুলি ক’ব নে কি?’

    এইসকলৰ উপৰি আন বহুতে এতিয়া আৰ এছ এছক লক্ষ্য কৰি সমালোচনা কৰা পৰিলক্ষিত হৈছে।

    উল্লেখ্য যে ইয়াৰ পূৰ্বে, মাৰ্চ মাহৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহোম সেনাপতি গৰাকীক স্বাধীনতা সংগ্ৰামী বুলি অভিহিত কৰিছিল।

    আৰু পঢ়ক : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ অ’ এছ ডিৰ বিৰুদ্ধে এজাহাৰ বংগ আৰক্ষীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং