24 C
Guwahati
Tuesday, September 27, 2022
More

    সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত বিহাৰৰ শ্ৰমিকৰ মৃত্যু, দুজন আহত

    জম্মু-কাশ্মীৰৰ পুলৱামাত বৃহস্পতিবাৰে সন্ধিয়া উগ্ৰপন্থীৰ গ্ৰেনেড আক্ৰমণত এজন প্ৰবাসী শ্ৰমিক নিহত হয় আৰু আন দুজন লোক আহত হয়।

    মৃত শ্ৰমিকজনক বিহাৰৰ চাকৱা পাৰ্ছাৰ বাসিন্দা মহম্মদ মুমতাজ বুলি চিনাক্ত কৰা হৈছে।

    আনহাতে পুলৱামাৰ চৰকাৰী জিলা চিকিত্‍সালয়ত চিকিত্‍সাধীনআহত লোক দুজন হৈছে বিহাৰৰ ৰামপুৰৰ বাসিন্দা মহম্মদ আৰিফ আৰু মহম্মদ মজবুল।

    হাস্পতাল কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি আহত লোক দুজনৰ অৱস্থা চিন্তনীয় নহয়।

    ইফালে আক্ৰমণৰ পিছত, আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি লৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং