ইণ্ডিগ’ এয়াৰ লাইনলৈ কমেডিয়ান কুণাল কামৰাৰ আইনী জাননী, লগতে ক্ষতিপূৰণ হিচাপে ২৫ লাখৰ দাবী

নিজৰ ওপৰত থকা ৬মাহৰ নিষেধাজ্ঞা উঠাই লোৱাৰো দাবী

0
47

জনপ্ৰিয় ষ্টেণ্ডআপ কমেডিয়ান কুণাল কামৰাই ইণ্ডিগ’ এয়াৰ লাইনক প্ৰেৰণ কৰিছে এক আইনী জাননী। যি জাননীৰ জৰিয়তে কমেডিয়ানজনে নিজৰ ওপৰত থকা ৬মাহৰ নিষেধাজ্ঞা উঠাই লোৱাৰ দাবি কৰিছে। লগতে তেওঁৰ ওপৰত কৰা মানসিক নিৰ্যাতনৰ বাবে ২৫ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰিছে।

লগতে ইয়াকো পত্ৰ খনত উল্লেখ কৰে যে, দেশৰ সকলো প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে এই কথাৰ জাননী জাৰি কৰি তেওঁক সমুহীয়াভাৱে ক্ষমা খোজক।

নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে এই কথা সদৰি কৰি কমেডিয়ান জনে কয় যে, তেওঁৰ অনুৰাগী সকলৰ মৰমৰ জোৰতে ইণ্ডিগ’ এয়াৰ লাইনৰ বিৰুদ্ধে যাবলৈ সাহস কৰিছে। লগতে অন্য সকলকো সাহস দি ভাৰতীয় সংবিধান আৰু অধিকাৰৰ কথা কয়।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিমানৰ ভিতৰতে সাংবদিকক দুৰ্ব্যৱহাৰ কৰাৰ বাবে ৬ মাহৰ বাবে ইণ্ডিগ’ এয়াৰ লাইনৰ বিমান যাত্ৰা নিষিদ্ধ কৰিছিল কমেডিয়ানজনৰ। বিমানত ৰিপাব্লিক টিভিৰ এডিটৰ–ইন–চীফ অৰ্ণৱ গোস্বামীক অভৱ্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল কমেডিয়ান কুণাল কামৰাৰ বিৰুদ্ধে। ইণ্ডিগ’ এয়াৰ লাইনৰ পিছত এয়াৰ ইণ্ডিয়া, ষ্পাইছজেট আৰু গ’ এয়াৰেও কামৰাক অনিৰ্দিষ্টকাললৈ নিষিদ্ধ কৰিছিল।

Photo credit: google.com