ভাৰতৰ ৰাজপথত যৌন নিৰ্যাতনৰ সন্মুখিন কোৰিয়াৰ ইউটিউবাৰ, দুজন যুৱক গ্ৰেপ্তাৰ

0
47

ভাৰতৰ ৰাজপথত যৌন নিৰ্যাতনৰ সন্মুখিন কোৰিয়াৰ ইউটিউবাৰ, দুজন যুৱক গ্ৰেপ্তাৰ

ভাৰতলৈ বুলি ফুৰিবলৈ আহি যৌন নিৰ্যাতনৰ সন্মুখিন হ’ল কোৰিয়াৰ ইউটিউবাৰ, ৰাজপথতে শ্লীলতাহানি মহিলা ইউটিইবাৰগৰাকীৰ। ঘটনাৰ পাছতে আৰক্ষীয়ে দুই অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে।

মুম্বাইৰ ৰাজপথত যৌন নিৰ্যাতনৰ সন্মুখিন কোৰিয়াৰ মহিলাগৰাকী। সেই ঘটনাৰেই ভিডিঅ’ সামাজিক মাধ্যমত চাৰিওফালে বিয়পি পৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। বুধবাৰে সামাজিক মাধ্যমত বিয়পি পৰিছিল ভিডিঅ’টো।

জানিব পৰা মতে, ভুক্তভোগি মহিলাগৰাকী দক্ষিণ কোৰিয়াৰ বাসিন্দা। মহিলাগৰাকীৰ শ্লীলতাহানিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱক দুজন মবীন চান্দ মহম্মদ শ্বেখ আৰু মহম্মদ নকীব সদৰিয়ালাম আনছাৰী।

ভিডিঅ’টো সামাজিক মাধ্যমত আপলোড কৰোতাজনে দাবী কৰা অনুসৰি মহিলাগৰাকী দক্ষিণ কোৰিয়াৰ। ঘটনাটো মঙলবাৰে নিশা প্ৰায় ৮ মান বজাত সংঘটিত হৈছিল।

মহিলাগৰাকীয়ে নিশাৰ ৰাজপথত লাইভ ভিডিঅ’ কৰি আছিল, সেই সময়তে দুই যুৱকৰ এজন কাষ চাপি আহি মহিলাৰ সৈতে অপ-ব্যৱহাৰ কৰে। সেই কাৰ্যত মহিলাগৰাকীয়ে বিৰোধিতা কৰাক শ্লীলতাহানি কৰে।

আনকি মহিলাগৰাকীয়ে সেই স্থান পৰিত্যাগ কৰিবলৈ ধৰোতে যুৱতজনে আন এগৰাকী যুৱকক মাতি আনি বাইকেৰে পিছা কৰি মহিলাগৰাকীক একেলগে যোৱাৰ বাবে যোৰ দিয়ে।

এই সকলো কাৰ্যত বিৰোধিতা কৰি কোনোমতে সেই স্থান এৰাৰ সময়ত অন্য আনুহে ওলোটাই মহিলাগৰাকীৰেই ভুল বুলি কোৱা দাবী কৰে কোৰিয়াৰ মহিলাগৰাকীয়ে।