28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কোকৰাঝাৰত নাথ-যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন; বিভিন্ন দাবী উত্থাপন

    সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাত অনুষ্ঠুপীয়াকৈ পালন কৰা হয় । সম্পূৰ্ণ কভিড প্ৰটোকল মানি লৈ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাতস্থিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু খেলপথাৰ প্ৰাংগনত ৰাতিপুৱা ১০:০০ বজাত সন্থাৰ পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি লোহিত নাথে।

    মাথো পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ আনুষ্ঠানিকতা সম্পন্ন কৰা উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ উপস্থিত থাকে ।

    সংবাদ মাধ্যমৰ আগত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে সৰ্বদিশতে পিছ পৰি থকা নাথ-যোগী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন আৰু সাংবিধানিক ৰক্ষা কৱচ অধিকাৰপ্ৰাপ্তিৰ দাবীৰে ২০১৭ চনৰ ১০ জুনত আত্মপ্ৰকাশ কৰিছিল । নিৰন্তৰ আন্দোলন আৰু চৰকাৰৰ সতে আলাপ -আলোচনাৰ পিছতো অদ্যপি নাথ যোগী জনগোষ্ঠীৰ সমস্যা সমুহ সমস্যা হৈয়ে আছে ।

    সমস্যাসমুহ সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আশা প্ৰকাশ কৰি অৰবিন্দ নাথে নাথ-যোগী জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান কৰা আৰু জনগোষ্ঠীটোৰ বাবে উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰিবলৈ দাবী উত্থাপন কৰিছে ।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত গঠন হোৱা চৰকাৰখনে নাথ -যোগী জনগোষ্ঠীৰ সমস্যাসমুহ সমাধানৰ বাবে পদক্ষেপ লব বুলিও আশা প্ৰকাশ কৰিছে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে । আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সন্থাৰ কেবাগৰাকী জিলা আৰু কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকে ।

    Input; ধনঞ্জয় নাথ

    আৰু পঢ়ক : দুগৰাকী শিক্ষকৰ কু-কৰ্ম, ফেল কৰাই দিয়াৰ ভয় ভাবুকিৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে খোলোচা হয় এই কাণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং