25 C
Guwahati
Wednesday, October 20, 2021
More

    হত্যা‌ নে আত্মহত্যা! কোকৰাঝাৰৰ ২ ভগ্নীৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত ৫ জনক গ্ৰেপ্তাৰ

    হত্যা‌ নে আত্মহত্যা! কোকৰাঝাৰৰ ২ ভগ্নীৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত ৫ জনক গ্ৰেপ্তাৰ – কোকৰাঝাৰৰ অভয়াকুটিত ৰহস্যজনকভাৱে গছত চিপজৰী লোৱা অৱস্থাৰ পৰা দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত কোকৰাঝাৰ আৰক্ষীয়ে পাঁচগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে ।

    গ্ৰেপ্তাৰ কৰা লোক‌কেইজন ক্ৰমে জিলাখনৰ শালবাৰীৰ জাহানুৰ ইছলাম (২৩) , মোজাম্মেল শ্বেখ (২০), হৰিৰদোলৰ আতাফ আলি (২৬) , সুতীপাৰাৰ শংকৰদেৱ বৰ্মন(২৭) আৰু ধুবুৰী জিলাৰ চাপৰ নিউ হাতিপোতাৰ হানিফ শ্বেখ(২০)বুলি জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে সদৰি কৰিছে ।

    আজি কোকৰাঝাৰ সদৰ থানাত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে সদৰি কৰা মতে গোচৰটোৰ তদন্ত দ্ৰুতগতিতত আগবাঢ়ি আছে আৰু সকলো সম্ভাৱনীয়তাক গোচৰৰ আওঁতালৈ অনা হৈছে । ইতিমধ্যে কেবাগৰাকী লোকক থকা সোধপোছ কৰা হৈছে ।

    মৰণোত্তোৰ পৰীক্ষাৰ প্ৰতিবেদন অদ্যপি অহা নাই আৰু গোটেই ঘটনাটো বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হ’ব বুলিও জানিবলৈ দিয়ে ।

    ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত কৰি আছে আৰু উক্ত ঘটনাটো আত্মহত্যা নে হত্যা সেয়া তদন্তত ওলাই পৰিব বুলি মন্তব্য কৰিছে । ভৱিষ্যতে যাতে গ্ৰামাঞ্চলৰ লোকসকলে নিৰাপত্তাহীনতাত ভূগিব লগা নহয় আৰু এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত নহয় তাৰ বাবে কাৰ্যব্যৱস্থা লোৱা হ’ব বুলি সদৰি কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

    ইনপুট;ধনঞ্জয় নাথ

    আৰু পঢ়ক : সাৰি যায় ক’ত… মেঘালয়ত আটক এজন বৰপেটাৰ চিকিৎসক, কৰিছিল এই বেয়া কাম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং