কিং কোহলীয়ে গঢ়িলে আন এক অনবদ্য অভিলেখ; টি-২০ ইতিহাসৰ প্ৰথম ক্ৰিকেটাৰ

0
12149
আইচিচিৰ শেহতীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বেটিং ৰেংকিং প্ৰকাশ, কোন স্থানত কিং কোহলী?

পূৰ্বৰ ছন্দত ঘূৰি আহিছে ৰান মেচিন বিৰাট কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অন্তিমখন মেচত কোহলীয়ে খেলা অৰ্ধশতকীয় ইনিংছটোৱে অনুৰাগীসকলৰ মন পুনৰ এবাৰ প্ৰফুল্লিত কৰি তুলিলে।

দেওবাৰে হায়দৰাবাদত খেলা শৃংখলাৰ অন্তিমখন মেচত কোহলীয়ে ৪৮ টা বলত তিনিটা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ৬৩ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলি শৃংখলাটো ২-১ ব্যৱধানত দখল কৰাত সহায় কৰিছিল।

এই দৰ্শনীয় ইনিংছটো খেলাৰ লগতে কোহলীয়ে কালিৰ মেচখনত এনেকুৱা এক কৃতিত্ব গঢ়িবলৈ সক্ষম হ’ল যিটো আজিলৈকে টি-২০ ইতিহাসত কোনো ক্ৰিকেটাৰে কৰিবলৈ সক্ষম হোৱা নাই।

টি-২০ ক্ৰিকেটত লক্ষ্য পিছা কৰি সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল কোহলী।

কোহলীয়ে এতিয়ালৈকে খেলা ১০৭ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত ৩৩ টা অৰ্ধশতক অৰ্জন কৰিছে। ইয়াৰে ১৯ টা অৰ্ধশতক দ্বিতীয় ইনিংছত খেলিছে।

লক্ষ্য পিছা কৰি বিশ্বৰ আন কোনো ক্ৰিকেটাৰে ইমান সংখ্যক অৰ্ধশতক তথা তাৰোধিক স্ক’ৰ কোনো বেটছমেনে কৰিবলৈ সক্ষম হোৱা নাই।

দ্বিতীয় ইনিংছত তেওঁৰ গড় হৈছে ১৪৭.৭৭। কিয়নো তেওঁ ১০ বাৰ অপৰাজিত হৈ ৰয়।

মন কৰিবলগীয়া যে, ১৯ টা অৰ্ধশতকৰ ভিতৰত তেওঁ কৰা ১৫ টা অৰ্ধশতকতে ভাৰতে জয় লাভ কৰিছে। এই পৰিসংখ্যা দেখিলেই আপুনি অনুভৱ কৰিব পাৰিব যে টি-২০ ক্ৰিকেটত কোহলী ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ।