ৰহস্যৰে ভৰা এক মন্দিৰ- ইয়াৰ প্ৰসাদ খাব নোৱাৰিব, ঘৰতো নিব নোৱাৰিব, লগতে এটা সপ্তাহ ধৰি…

0
26461
ৰহস্যৰে ভৰা এক মন্দিৰ- ইয়াৰ প্ৰসাদ খাব নোৱাৰিব, ঘৰতো নিব নোৱাৰিব, লগতে এটা সপ্তাহ ধৰি

ৰহস্যৰে ভৰা এক মন্দিৰ- ইয়াৰ প্ৰসাদ খাব নোৱাৰিব, ঘৰতো নিব নোৱাৰিব, লগতে এটা সপ্তাহ ধৰি…

ভাৰতবৰ্ষ বুলিলেই বহু ৰহস্যৰে ভৰা মঠ-মন্দিৰৰ স্থান বুলিও কোৱা হয়। ইয়াত বিশ্বৰ অন্য় প্ৰান্তত কৈ অধিক ধৰ্মীয় স্থলী পোৱা যায়। যাৰ ভিতৰত কিছুমান হাজাৰ বছৰ পুৰণি।

সেই বহু পুৰণি মঠ-মন্দিৰ আদিত আছে বহু ৰহস্য। যি ৰহস্যৰ আজি পৰ্যন্ত ভেদ খোল খোৱা নাই। সেই ৰহস্যৰে ভৰা মন্দিৰত প্ৰতিদিনেই আগমণ ঘটে বহু ভক্ত প্ৰাণ ৰাইজৰ।

তাৰেই ভিতৰত এটা এনে মন্দিৰ আছে দেশত যি মন্দিৰ আজিও ভক্তৰ বাবে ৰহস্য। এই মন্দিৰৰ প্ৰসাদ সেৱন কৰা নহয়। লগতে সেই প্ৰসাদ আপুনি ঘৰলৈয়ো নিব নোৱাৰে।

এই বিশেষ মন্দিৰটো আছে ৰাজস্থানত, মন্দিৰটোৰ নাম মেহেন্দীপুৰ বালাজী। মন্দিৰটো হনুমানৰ বাল্যকালৰ । এই মন্দিৰটোত যাবলৈ যদি বিচাৰে তেন্তে সেই ক্ষেত্ৰতো মানি চলিব লাগিব কিছুমান বিশেষ নিয়ম। মন্দিৰত যোৱাৰ পূৰ্বে এটা সপ্তাহৰ পৰা আপুনি খাব নোৱাৰিব কিছুমান খাদ্য।

সুৰা সেৱনৰ পৰা আঁতৰত থাকিব লাগিব। সুৰাৰ লগতে অন্য নিচা সামগ্ৰীও খাব নোৱাৰিব। লগতে পিয়াজ, নহৰু, কণী, মাছ-মাংস আদিয়ো খোৱাৰ পৰা বিৰত থাকিব লাগিব।

এই মন্দিৰত বিশ্বাস কৰা অনুসৰি কোনো ঐশ্বৰিক শক্তি আছে। যি শক্তিয়ে ভক্তই আগবঢ়োৱা এই প্ৰসাদ সেৱন কৰি কিছুমান অদ্ভুত কাৰ্য কালাপ কৰে।

নিয়ম অনুসৰি ভক্তইয়ো ইয়াত প্ৰসাদ দিয়াৰ পাছতে আৰু ঘুৰি চাব নোৱাৰে। লগতে প্ৰসাদ গ্ৰহণ কৰাৰ পাছতো সেই প্ৰসাদ পিছফালে দলিয়াই পেলাব লাগে। বিশ্বাস অনুসৰি যদি সেই প্ৰসাদ ঘৰলৈ নিয়ে তেন্তে কোনো বেয়া শক্তিয়ো ঘৰলৈ যাব।

আৰু পঢ়ক : দেশত পুনৰ কৰ’ণাৰ সংহাৰ, বিগত ২৪ ঘণ্টাত বহু লোক সংক্ৰমিত, আনহাতে ৩০ লোকে হেৰুৱালে প্ৰাণ