বিবাহ যাত্ৰীৰ বাহনত দাৰে আক্ৰমণ; বাছৰ আইনা ভাঙি যাত্ৰীক প্ৰহাৰ

0
1381

বিবাহ যাত্ৰীৰ বাহনত দাৰে আক্ৰমণ; বাছৰ আইনা ভাঙি যাত্ৰীক মাৰধৰ

মৰিগাঁওত kl 35 A 7101 বিবাহ যাত্ৰী গাড়ীত আক্ৰমণ।মৰিগাঁও দলবৰীত অৱস্থিতত তেল ডিপোত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।

মৰিগাঁও মায়ং বৰপাকৰ পৰা বিবাহ যাত্ৰী দলটো নগাওঁ লাওখোৱাত ছোৱালী আনিবলৈ গৈ আছিল।

পুৱা ৪ বজাত মৰিগাঁও দলবৰীত অৱস্থিতত তেল ডিপোত তেল বিচাৰি যোৱাত তেল ডিপোৰ কৰ্মচাৰিয়ে বেয়া কথা কোৱাৰ লগতে দা লৈ বিবাহ যাত্ৰীৰ বাহনত আক্ৰমনত গাড়ীৰ আইনা ভাগি পেলোৱাৰ লগতে বিবাহ যাত্ৰীক মাৰধৰ কৰাৰ অভিযোগ কৰিছে।

বৰ্তমান ৬০ জনীয়া বিবাহ যাত্ৰীৰ দলটো মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে। তেল ডিপোৰ দুই কৰ্মচাৰী আটক কৰে আৰক্ষীয়ে।