
কামপুৰত দেওবাৰে নিশা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ সংবাদমেল। সংবাদমেলখনত উপস্থিত থাাকে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক গিৰিশংকৰ গোস্বামী।
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ আন্দোলনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ,সাধাৰন সম্পাদক ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল,মানৱ কোঁৱৰ আৰু প্ৰাক্তন আলফা জীতেন দত্তকে ধৰি যি সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তেওঁলোকৰ মুক্তিৰ দাবীৰে আজি গুৱাহাটী চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।
এই ধৰ্মঘট কাৰ্যসূচীত অসমৰ সকলো খিলঞ্জীয়া লোকক উপস্থিত থকাৰ বাবে আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ আন্দোলনত অকল অখিল গগৈক গ্ৰেপ্তাৰ কৰাটো চৰকাৰে বেআইনী কাম কৰা বুলি কৈ ইয়াৰ বিৰুদ্ধে কৃষক মুক্তিয়ে গণতান্ত্ৰিক সংগ্ৰাম চলাই যাব বুলি কয়। বীৰ লাচিত সেনাৰ সচিব গিৰীশংকৰ গোস্বামীয়ে অখিল গগৈ, জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দাবী জনায়।
Photo Credit:@rupjyotibhuyan