
”অসম আৰু অসমীয়াৰ কণ্ঠ শেষ কৰি দিবৰ কাৰণেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ আৰু গৰিহণা দিছোঁ”- আজি তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপদেষ্টা বেদান্ত লস্কৰে সংবাদমেল যোগে এইদৰে মন্তব্য কৰে।
ইয়াৰ লগতে তেওঁ কৃষক মুক্তিৰ নাম শুনিলেই হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে, হিমন্ত বিশ্ব শৰ্মা চোৰ বুলিও মন্তব্য কৰে। কৃষক মুক্তিৰ যোৰহাট জিলা সমিতিৰ সম্পাদক প্ৰমোদ গগৈ, কৃষক নেতা বিতোপন দুৱৰা, ছাত্র মুক্তিৰ নেতা ঋতুমণি হাজৰিকা উপস্থিত থকা সংবাদমেলখনত কৃষক নেতা বেদান্ত লস্কৰে কয় যে যেতিয়ালৈকে কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু, যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, কোচ ৰাজবংশী, কাৰ্বি, দেউৰীকে ধৰি বিভিন্ন জাতীয় জনজাতীয় সংগঠন সমূহে ঐক্যবদ্ধ ভাৱে আন্দোলন নকৰিব তেতিয়ালৈকে ভাৰত চৰকাৰ, অসম চৰকাৰ কঁপি নুঠে।
Photo Credit: @sajidhussain