শীঘ্ৰেই অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিব কেঅলঅ’ৰ সেনাধ্যক্ষকে ধৰি সকলো বিদ্ৰোহী সদস্য, বৈদেশিক সচিৱে ভিডিঅ’ বাৰ্তাত দিলে ইংগিত

0
2802
শীঘ্ৰেই অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিব কেঅলঅ’ৰ সেনাধ্যক্ষকে ধৰি
প্ৰতিকী ফটো

শীঘ্ৰেই অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিব কেঅলঅ’ৰ সেনাধ্যক্ষকে ধৰি সকলো বিদ্ৰোহী সদস্য, বৈদেশিক সচিৱে ভিডিঅ’ বাৰ্তাত দিলে ইংগিত

কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন আৰু চৰকাৰৰ মাজৰ শান্তি আলোচনা শেষ পৰ্যায়ত উপনীত হৈছে বুলি এক ভিডিঅ’ বাৰ্তাযোগে প্ৰকাশ কৰিছে কেএলঅ’ৰ বৈদেশিক সচিৱ পাবেল কোঁচে।

ভিডিঅ’ বাৰ্তাটোত কেএলঅ’ৰ বৈদেশিক সচিৱ গৰাকীয়ে সংগঠনটো আৰু চৰকাৰৰ মাজৰ শান্তি আলোচনা যোগাত্মকভাৱে আগবাঢ়িছে বুলি উল্লেখ কৰে।

শান্তি চুক্তিক লৈ সংগঠনটোৰ নেতৃত্বই অতি শীঘ্ৰে আলোচনাত বহাৰ পোষকতা কৰে পাবেল কোঁচে।

ইপিনে, কেএলঅ’ৰ সেনাধ্যক্ষসহ সকলো বিদ্ৰোহী সদস্যই সোনকালে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিব বুলিও বৈদেশিক সচিৱ গৰাকীয়ে ইংগিত দিয়ে।

ভিডিঅ’ বাৰ্তাটোত বিদ্ৰোহী সংগঠনটোৰ বৈদেশিক সচিৱ গৰাকীয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰকো শান্তি আলোচনাৰ প্ৰতি দেখুওৱা সদভাৱৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আৰু পঢ়ক : ৫০ হাজাৰ শিক্ষকৰ বাবে সুখবৰ, পাঁচ বছৰৰ মূৰত পদোন্নতিৰ উপহাৰ