ধুবৰী আৰক্ষীৰ সফলতা; আটক তিনি কে এল অ’ সদস্য

0
295

ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা । ধুবুৰী জিলাৰ বিভিন্ন স্থানত তালাচী চলাই আৰক্ষীয়ে আটক কৰে তিনিজনকৈ কে এল অ’ সদস্য ।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ  থানাৰ  অন্তৰ্গত  হাজাৰী পাৰাত আৰক্ষী  আৰু সেনাৰ  যুটিয়া অভিযান চলাই  গ্ৰেপ্তাৰ কৰে নিসিদ্ধ বিদ্রোহী  সংগঠন কে এল অ’ ৰ তিনিজন সদস্য ।

এক গোপন খবৰৰ ভিত্তিত ফকৰিগ্ৰামৰ পৰা বিলাসীপাৰা অভিমুখে নম্বৰ প্লেটহীন বাইকত আহি থকা তিনিজন দুধর্ষ কে এল অ ৰ সদস্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

তিনিওজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে  পিস্তল, মেগজীন আৰু কেইবা জাঁই সক্ৰিয় গুলি ।

আটক হোৱা লোককোইজনৰ নাম উত্তম ৰয়, সুদীপ কোচ আৰু উমা কোচ বুলি জানিব পৰা গৈছে ।

আৰক্ষী সোধা  পোচা অব্যাহত ৰাখিছে যদিও এই মুহুৰ্ত মুখ খোলা নাই সন্ত্ৰাসবাদী সদস্য কেইজনে ।

photo credit : Aminur ahmed