
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে উত্তৰ-পূবৰ বিদ্ৰোহী সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা যোগাত্মক পদক্ষেপৰ ফল স্বৰূপে ৰাজ্যৰ আন এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনে শান্তি আলোচনাৰ বাবে সদিচ্ছা প্ৰকাশ কৰিছে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শান্তি আলোচনাৰ বাবে চলাই অহা প্ৰচেষ্টাৰ প্ৰতি সহাৰি দি স্বাধীন কমতাপুৰ গঠনৰ দাবীৰে দীৰ্ঘদিনৰ পৰা সশস্ত্ৰ সংগ্ৰাম চলাই অহা জীৱন সিংহ নেতৃত্বাধীন কমতাপুৰ লিবাৰেশ্যন আৰগেনাইজেশ্যন চমুকৈ কে এল অ’ই শান্তি আলোচনাৰ বাবে এখোজ আগবঢ়াইছে।
কে এল অ’ৰ সেনাধ্যক্ষ জীৱন সিংহই শান্তি আলোচনাৰ প্ৰতি দেখুওৱা সদভাৱৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিছে।
অসম চৰকাৰৰ মধ্যস্থতাত কেএল অ’ আৰু ভাৰত চৰকাৰৰ মাজত হ’বলগীয়া শান্তি আলোচনাই অসম-পশ্চিমবংগ(কমতাপুৰ)ৰ কোচ-ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাট মুকলি কৰিব বুলি কে এল অ’ৰ তৰফৰ পৰা আশা প্ৰকাশ কৰিছে।
ইপিনে, অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কে এল অ’ নেতৃত্বৰ শান্তি আলোচনাৰ প্ৰতি সহাৰিক প্ৰশংসা কৰি টুইট কৰে।
মুখ্য মন্ত্ৰী শৰ্মাই এই শান্তি আলোচনা প্ৰক্ৰিয়াই শীঘ্ৰে ৰাজনৈতিক বাৰ্তালাপৰ জৰিয়তে সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী বুলি উল্লেখ কৰে।
আৰু পঢ়ক : চৌদি আৰৱত প্ৰথমটো ওমিক্ৰণ সংক্ৰমণৰ ঘটনা