কে এল ৰাহুলৰ বিয়াত বিৰাট কোহলীয়ে দিলে কোটি টকাৰ গাড়ী ! পিছ পৰি নাথাকিল এম এছ ধোনী, ছলমান খানো

0
7263

কে এল ৰাহুলৰ বিয়াত বিৰাট কোহলীয়ে দিলে কোটি টকাৰ গাড়ী ! পিছ পৰি নাথাকিল এম এছ ধোনী, ছলমান খানো

টীম ইণ্ডিয়াৰ তাৰকা অপেনাৰ কে এল ৰাহুলে ইতিমধ্যে বিবাহ পাশত আৱদ্ধ হৈছে। বলীউডৰ অভিনেত্ৰী আথিয়া চেট্টীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা কে এল ৰাহুলে বৰ্তমান টীম ইণ্ডিয়াৰ পৰা বিৰতি লৈ আছে। বিবাহ উপলক্ষে কে এল ৰাহুলে সহক্ৰিকেটাৰ সকলৰ পৰা বহুতো উপহাৰ লাভ কৰিছে।

যাৰ ভিতৰত কোটি কোটি মূল্যৰ গাড়ীৰ পৰা কোটি টকাৰ ঘড়ী লৈকে আছে। বিৰাট কোহলীয়ে কে এল ৰাহুলক এখন বিএমডব্লিউ গাড়ী উপহাৰ দিছে। যাৰ মূল্য ২.১৭ কোটি টকা। আনহাতে মহেন্দ্ৰ সিং ধোনীয়েও এখন বাইক উপহাৰ দিছে। এম এছ ধোনীয়ে দিয়া বাইকখনৰ মূল্য প্ৰায় ৮০ লাখ টকা।

মহেন্দ্ৰ সিং ধোনী নিজেই বাইকৰ প্ৰতি আকৰ্ষণ আছে। সেয়ে তেওঁ কে এল ৰাহুলক এখন কাৱাচাকি নিনজা বাইক উপহাৰ দিছে।কে এল ৰাহুল আৰু আথিয়া চেট্টীয়ে মুম্বাইৰ সুনিয়েল চেট্টীৰ ঘৰত বিবাহ পাশত আৱদ্ধ হৈছিল। য’ত কেৱল ১০০ জন অতিথি উপস্থিত আছিল।

আনহাতে বলীউদৰ দাবাং ছলমান খান আৰু সুনীল শেট্টীৰ বন্ধুত্ব সকলোৱে জানে। এই পৰিস্থিতিত নিজৰ বন্ধৰ কন্যাৰ বিয়াত এখন অডি গাড়ী উপহাৰ দিলে ছলমানে। যাৰ দাম ১.৬৩ কোটি টকা।