32 C
Guwahati
Sunday, September 19, 2021
More

    বিশ্বৰ সকলোতকৈ জ্বলা জলকীয়া, উত্তৰ পূৱৰ পৰা গৈ পালে লণ্ডন- প্ৰধানমন্ত্ৰী মোডীয়ে দিলে অভিনন্দন

    বিশ্বৰ সকলোতকৈ জ্বলা জলকীয়া, উত্তৰ পূৱৰ পৰা গৈ পালে লণ্ডন- প্ৰধানমন্ত্ৰী মোডীয়ে দিলে অভিনন্দন

    বিশ্বৰ সবাতোকৈ অধিক জ্বলা থকা জলকীয়া , যাৰ নামেই আছে এক সুকিয়া। কিং চিলি,ৰাজা মিৰ্চ, ঘোষ্ট পেপাৰ.. যাক অসমীয়াত বা উত্তৰ পূৱত ভোট জলকীয়া হিচাপে জনা যায়। সেই জ্বলা জলকীয়া উত্তৰ পূৱৰ পৰা ৰপ্তানী কৰা হৈছে লণ্ডনলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শলাগ লৈছে এই কাৰ্যত।

    উত্তৰ পূৱৰ ৰাজ্য নাগালেণ্ডৰ পৰা ৰপ্তানী কৰা হৈছে ভোট জলকীয়া। বানিজ্য মন্ত্ৰালয় ফালৰ পৰা এই সুখবৰ ব্যক্ত কৰা হয়। গুৱাহাটী হৈ এই জলকীয়া লণ্ডনলৈ প্ৰেৰণ কৰা হয়।

    প্ৰধানমন্ত্ৰী মোডীয়ে এই সুখবৰ ব্যক্ত কৰি কয় যে, বহুত ভাল খবৰ, যি লোকে এই জলকীয়া খাই পাইছে সেই লোকে হে জানে ইয়াৰ জ্বলা কিমান। ইয়াক বিশ্বৰ ভিতৰতে সবাতোকৈ অদিক জ্বলা থকা জলকীয়া হিচাপে গণ্য কৰা হয়।

    জলকীয়া প্ৰেৰণৰ ক্ষেত্ৰত জানিব পৰা অনুসৰি, এই জলকীয়া সমূহ নাগালেণ্ডৰ পেৰেণ জিলাৰ তেনিংগ অঞ্চলৰ পৰা আনি গুৱাহাটীৰ কৃষি তথা খাদ্য প্ৰাধিকৰণৰ সহযোগত পেকিজিং কৰা হৈছে। এই ভোট জলকীয়া বিধক ২০০৮ চনত জি আই টেগ মাৰ্ক প্ৰদান কৰা হৈছিল।

    আৰু পঢ়ক : চৰকাৰৰ কৃষি বিভাগে Vermi Village হিচাবে নামকৰণ কৰা এখন গাঁও, মহিলাই দেখুৱাইছে স্বৱলম্বিতাৰ নিদৰ্শন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং