আই পি এলৰ মাজতে পোলাৰ্ডে ল’লে কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত

0
318
আই পি এলৰ মাজতে পোলাৰ্ডে ল'লে কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত

আই পি এলৰ মাজতে পোলাৰ্ডে ল’লে কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত – ৱেষ্ট ইণ্ডিজৰ অভিজ্ঞ অলৰাউণ্ডাৰ কাইৰন পোলাৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে।

ছ’চিয়েল মিডিয়াত এটা প’ষ্ট শ্বেয়াৰ কৰি পোলাৰ্ডে এই তথ্য ৰাজহুৱা কৰে।

পোলাৰ্ডে ৱেষ্ট ইণ্ডিজৰ হৈ প্ৰায় ১৫ বছৰ খেলিছিল, যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল। অৱশ্যে ফ্ৰেঞ্চাইজি ক্ৰিকেটত গঢ়িছে বহুতো অভিলেখ।

আই পি এলত বৰ্তমান পোলাৰ্ড মুম্বাই ইণ্ডিয়ানছ দলৰ অংশ।

উল্লেখ্য যে পোলাৰ্ডে ৱেষ্ট ইণ্ডিজৰ হৈ ১২৩ খন এদিনীয়া আৰু ১০১ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে।

২০০৭ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া আৰু ইয়াৰ এবছৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটত অভিষেক ঘটিছিল পোলাৰ্ডৰ।

পোলাৰ্ডে ১২৩ খন এদিনীয়াত ২৭০৬ ৰান কৰাৰ লগতে ৫৫ টা উইকেট দখল কৰিছিল। আনহাতে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত ১৫৬৯ ৰান কৰাৰ লগতে উইকেট লৈছিল ৪২ টা।    

আৰু পঢ়ক : বহিঃৰাজ্যত পানীত ডুবি অসমৰ শিশুৰ মৃত্যু, আৱদ্ধ হৈ পৰিছিল দ গাঁতত