ৰাজ্যত অপহৰণ কাণ্ড! অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক অপহৰণৰ অভিযোগ

0
133

ৰাজ্যত অপহৰণ কাণ্ড! অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক অপহৰণৰ অভিযোগ

যোৰহাটত ৰজাবাৰীত সংঘটিত হৈছে এক অপহৰণৰ ঘটনা। অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক অপহৰণ কৰাৰ অভিযোগ কৰা হৈছে।

উল্লেখ্য যে, অপহৰণকাৰীয়ে ৫০ লাখ টকাৰ বিচৰাৰ কথা পোহৰলৈ আহিছে। এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত ঘটনাৰ বিষয়ে অৱগত কৰিছে।

অমৰজিৎ চাহুৰ ঘৰ যোৰহাটৰ বাঁহবাৰীত আৰু তেওঁ ৰাজেশ চাহু নামৰ এগৰাকী ঠিকাদাৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

আনহাতে, এই সমগ্ৰ অপহৰণ কাণ্ড ৰহস্যজনক বুলি ধাৰণা কৰিছে একাংশই। প্ৰকৃততে অমৰজিতক অপহৰণ কৰা হৈছে নে নাই সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।