28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৯ ডিচেম্বৰৰ পৰা সন্ধানহীন যুৱকৰ অৱশেষত নৃশংস হত্যা, ফটো প্ৰেৰণ পৰিয়াললৈ

    গোৱালপাৰা জিলাৰ এক অপহৰণ আৰু হত্যাৰ কাণ্ড। ৯ ডিচেম্বৰৰ পৰা সন্ধানহীন যুৱকৰ অৱশেষত নৃশংস হত্যা, ফটো প্ৰেৰণ পৰিয়াললৈ। পটো দেখিয়ে কান্দোনত ভাঙি পৰিছে পত্নী আৰু পৰিয়াল।

    জিলাখনৰ মৰনৈ আৰক্ষী থানাৰ অন্তর্গত ৰাক্ষসিনি প্ৰথম খণ্ডৰ চানমিঞা (৩২) আৰু ডেকধোৱাৰ ছাহজাহান আলী (৩৪) নামৰ দুজনকৈ যুৱক ২০২০,৯ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো খবৰ লাভ কৰিবলৈয়ো সক্ষম হোৱা নাছিল। পিছত কালি ছাহজাহান আলীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰে সমগ্ৰ অঞ্চৱটোকে চাঞ্চল্ৰ সৃষ্টি কৰিছে।

    পৰিয়ালৰ লোকে জনোৱা মতে ৯ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাত চানমিঞাই ছাহজাহান আলীৰ সৈতে গোৱালপাৰা সদৰ থানাৰ অন্তর্গত কাৰবলাৰ কোনো লোকৰ ঘৰত নিমন্ত্ৰণ খাবলৈ গৈছিল। যোৱাৰ সমত নিজা নিজা চাৰিচকীয়া আৰু দুচকীয়া বাহনেৰে গৈছিল দুয়ো বন্ধু। নিশা দহ মান বজাত ঘৰলৈ উভতি অহাৰ কথা আছিল কিন্তু সেই দিনৰে পৰা আজি পৰ্যন্ত নাছিল কোনো সম্ভেদ।

    মৰনৈ থানাত ঘটনা সন্দৰ্ভত পৰিযালৰ ফালৰ পৰা এজাহাৰো দাখিল কৰা হৈছিল। কিন্তু মৰনৈ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ পৰিৱৰ্তে এজাহাৰ দাখিলৰ পাঁচদিন পিছতহে গোচৰটো পঞ্জীয়ন কৰে। ইয়াৰ পিছতে চেগাচোৰোকাকৈ সন্ধানহীন হৈ থকা দুয়ো লোকৰ সন্ধান চলাইছিল আৰক্ষীয়ে।

    ইয়াৰ মাজতে মেঘালয়ৰ উইলিয়ামনগৰ আৰক্ষীয়ে জানুৱাৰী মাহতে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰি কোনো পৰিচয় নোৱোলাত সেই মৃতদেহৰ তাতেই দাহ কৰি দিয়ে। কিন্তু মৃতদেহৰ পিন্ধনত থকা কাপোৰ ৰাখি থৈ দিয়ে।

    পিছত অসম আৰক্ষীৰ সৈতে হোৱা সন্ধানহীন দুই যুৱকৰ আলোচনাত অচিনাক্ত মৃতদেহ উদ্ধাৰৰ কথা উলিয়াই আৰু দুয়ো পৰিয়ালকে মৃতদেহৰ কাপোৰ দেখুৱাই। তেতিয়াই ছাহজাহানৰ পৰিয়ালে সেয়া সন্ধানহীন ছাহজাহানৰে কাপোৰ বুলি চিনাক্ত কৰে। ইয়াৰ পিছতো নিৰ্বিকাৰ আৰক্ষী।

    আৰু পঢ়ক : গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড! কেইবাটাও বাসগৃহ ভস্মীভূত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং