29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    জ্যেষ্ঠ অধিবক্তাৰ বিৰুদ্ধে কণিষ্ঠ যুৱতী অধিবক্তাক অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ

    যুৱতী অধিবক্তাগৰাকীক অপহৰণ কৰি হত্যা কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে

    এজন জ্যেষ্ঠ অধিবক্তাই এগৰাকী কণিষ্ঠ যুৱতী অধিবক্তাক অপহৰণ কৰি নিয়া ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই জঘন্য ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। শুক্ৰবাৰে বিয়লি যুৱতী অধিবক্তাগৰাকী বিলাসীপাৰা মহাবিদ্যালয়ত নিজৰ স্নাতকোত্তৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আনিবলৈ যাওঁতে পথৰ পৰা যুৱতী অধিবক্তাগৰাকীক অপহৰণ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। বিলাসীপাৰা মহকুমা আদালতত কণিষ্ঠ অধিবক্তা হিচাপে প্ৰেকটিচ কৰি আহিছে বিলাসীপাৰা চহৰৰ ৬ নম্বৰ ৱাৰ্ডৰ বাসিন্দা ফাৰজুনা আহমেদে।

    একেটা আদালতত প্ৰেকটিচ কৰি অহা চহৰখনৰে ৩ নম্বৰ ৱাৰ্ডৰ জ্যেষ্ঠ অধিবক্তা তথা বিবাহিত পুৰুষ হাছানুৰ ৰহমান মোল্লাই(৫৩ বছৰ) কণিষ্ঠ অধিবক্তাগৰাকীক অপহৰণ কৰাৰ অভিযোগ উঠিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত শুক্ৰবাৰে নিশা ৯টা বজাত যুৱতী অধিবক্তাগৰাকীৰ পৰিয়ালৰ লোকে বিলাসীপাৰা থানাত হাছানুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

    যুৱতী অধিবক্তাগৰাকীক অপহৰণ কৰি হত্যা কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। কি কাৰণত কণিষ্ঠ অধিবক্তাগৰাকীক অপহৰণ কৰিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও অপহৃতাৰ লগতে অপহৰণকাৰীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। অতি শীঘ্ৰে অপহৃতাক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী লম্পট অধিবক্তা হাছানুৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে অপহৃতাৰ পৰিয়ালে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং