15 C
Guwahati
Saturday, January 22, 2022
More

    অনলাইন খেলৰ নিচা, ১৩ বছৰীয়াই অনলাইন খেলৰ নামত উৰুৱালে ৩ লাখ টকা

    অনলাইন খেলৰ নিচা কেনে সেই সন্দৰ্ভত প্ৰায়ে বাতৰি প্ৰকাশ হৈ থকা দেখা যায়। এইবাৰ এগৰাকী ১৩ বছৰীয়াই অনলাইন খেলৰ নামত উৰুৱালে ৩ লাখ টকা।

    ৬ টা মাহৰ ভিতৰতে ঘৰৰ মানুহে নজনাকৈ অলপ অলপ কৈ চুৰি কৰি নিছিল টকা বোৰ। পিছত আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালৰ লোক। লগতে ঘৰৰ ওচৰৰে এক ইণ্টাৰনেট কেফে চলোৱা যুৱকৰ বিৰুদ্ধে গোচৰ তোলে।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ৰাজস্থানৰ ঝালাৱাৰ চহৰৰ এঘৰ লোকৰ ১৩ বছৰীয়া কিশোৰে প্ৰায়ে ঘৰৰ ওচৰৰ এখন ইণ্টাৰনেট কেফেত গৈ বহু অনলাইন খেল খেলিছিল। কিন্তু অবুজন ল’ৰা জনৰ পৰা বেয়া কামত খটুৱাই টকা সৰকোৱাৰ কথা চিন্তা চৰ্চা কৰে কেফেৰ যুৱকে।

    সেই মতেই কিশোৰটিৰ হতুৱাই পিতৃৰ আধাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ বহী আদি সৰকাই নতুন অনলাইন একাউণ্ট বনাই সেই একাউণ্টৰ জৰিয়তে অনলাইন গেমত টকা উৰুৱাই।

    যাৰ পৰিণতিত লাহে লাহে কিশোৰটি ভয় শংকা আৰু খিংখিঙীয়া হৈ পৰিছিল। অভিভাৱকে বহু সোধপোচৰ অন্তত পোহৰলৈ আহে এই সমস্ত ঘটনা। কিদৰে কেফেৰ যুৱকজনে বুধিৰে সকলো তথ্য পাতি সৰকাই টকা উৰুৱাইছিল সকলো সৈ কাঢ়ে পিতৃ-মাতৃৰ আগত।

    আৰক্ষীয়ে বৰ্তমানে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

    আৰু পঢ়ক : চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে দেশজুৰি দুদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান; জানি লওক তাৰিখ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং