
কিয়াৰা নে অন্য কোনোবা নাৰীৰ হ’ব সিদ্ধাৰ্থৰ কইনা, সিদ্ধাৰ্থৰ বিয়াৰ বাবে সজাই তোলা হৈছে ৰাজপ্ৰসাদ, বিলাসী হোটেল-গাড়ী কিমান বুকিং কৰা হৈছে জানি আচৰিত হ’ব…
কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহ সম্পৰ্কে বহুদিন ধৰি চৰ্চা চলি আছে। অনুৰাগীৰ অপেক্ষা শেষ হ’বলৈ ওলাইছে। বিয়াৰ বতৰত বিবাহ কৰিবলৈ ওলাইছে সিদ্ধাৰ্থ আৰু কিয়াৰা। ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দম্পতীহালৰ বিবাহ অনুষ্ঠান ৮ ফেব্ৰুৱাৰীলৈকে চলিব।
সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াৰ তাৰিখ, স্থান আৰু অতিথি তালিকা প্ৰায় সাজু হৈছে। ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দম্পতীহালৰ বিবাহ অনুষ্ঠান ৮ ফেব্ৰুৱাৰীলৈকে চলিব।
ৰাজস্থানত বিয়া হব
সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ। দম্পতীহালৰ বিয়াত প্ৰায় ১০০-১২৫ জন অতিথি উপস্থিত থাকিব। বহু চেলিব্ৰিটিৰ নামো এই তালিকাত আছে।
জয়ছলমেৰৰ জনপ্ৰিয় ৰাজপ্ৰসাদ সূৰ্য্যগড়ক বিবাহৰ বাবে বাছি লৈছে সিদ্ধাৰ্থ আৰু কিয়াৰাই। এই হাই প্ৰফাইল বিয়াত কৰণ জোহৰৰ পৰা ঈশা আম্বানীলৈকে অতিথিসকলেও অংশগ্ৰহণ কৰিব।
অতিথিসকলৰ থকাৰ বাবে ৰাজপ্ৰসাদৰ প্ৰায় ৮৪টা বিলাসী কোঠা বুকিং কৰা হৈছে। ইয়াৰ উপৰিও অতিথিজনৰ বাবে ৭০খনতকৈও অধিক বাহন বুকিং কৰা হৈছে, য’ত মাৰ্চিডিজ, জাগুয়াৰৰ পৰা বিএমডব্লিউলৈকে বুকিং কৰা হৈছে।
দায়িত্ব মুম্বাইৰ বিবাহ পৰিকল্পনাকাৰীৰ হাতত অৰ্পণ কৰা হৈছিল।
সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ ৰাজকীয় বিবাহৰ দায়িত্ব মুম্বাইৰ এটা বৃহৎ বিবাহ পৰিকল্পনা কোম্পানীক দিয়া হৈছে।
হোটেল বুকিংৰ পৰা আৰম্ভ কৰি যাতায়তৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই বিয়ালৈ অহা অতিথি আৰু অন্যান্য অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে হোটেল পৰিচালনা সমিতিয়ে বহু গোপনীয়তা বজাই ৰাখিছে।
সূত্ৰ অনুসৰি অহা ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিয়াত অতিথিৰ আগমনৰ প্ৰক্ৰিয়া। ৪ ফেব্ৰুৱাৰীত মুম্বাইৰ পৰা বিমানযোগে প্ৰায় ৪০ জন লোক জয়ছালমেৰত উপস্থিত হৈছে।
৪ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ জয়ছালমেৰৰ প্ৰাসাদ সূৰ্য্যগধত সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াৰ বাবে বুকিং কৰা হৈছে। হোটেলখনৰ বিভিন্ন স্থানত হলুদ, মেহেন্দী, সংগীত আৰু ফেৰাৰ চেট তৈয়াৰ আৰু ডিজাইনৰ কামো আৰম্ভ কৰা হৈছে।