
চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰত এখন সভাত বিজেপি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উচটনিমূলক মন্তব্য। আমাৰ এজন কৰ্মীক হাত দিয়ে তেন্তে তেওঁলোকৰ ১০ টা কৰ্মীক হাত দিব। কোনোবাই যদি আপোনালোকৰ ঘৰ জ্বলাবলৈ আহে আপোনালোকেও ঘৰ জ্বলাব। লগতে সমাজৰ দুস্কৃতিকাৰী, দুই এটা চুৰ লাফাঙ্গাৰ কাৰণে ভয় কৰি ঘৰত সোমাই থাকিলে নহ’ব বুলিও কৈ প্ৰতিবাদী ৰাইজক উপলুঙা কৰে খুমটাইৰ বিধায়ক জনে।
গোটেই অসমতে একে সময়তে এক লাখ মানুহো ওলোৱা নাই আন্দোলন কৰিবৰ কাৰণে বুলি সাংবাদিককো আক্ৰমণ কৰিলে বিধায়ক গৰাকীয়ে। CAA ৰ বিৰুদ্ধে আন্দোলন কৰা সংগঠনৰ নেতাসকলে আন্দোলনৰ নামত লাখ লাখ টকা ঘটিলে বুলি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহৰ সন্মুখত ৰাজহুৱাকৈ কোৱাৰ পিছতেই এতিয়া চাবুৱাৰ লগতে সমগ্ৰ অসমতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিধায়ক গৰাকীৰ এই উচটনিমূলক মন্তব্যৰ পিছতেই সবৰ্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যাৰ ফলত শাসকীয় দলৰ বিধায়কৰ এনে প্ৰৰোচনামূলক মন্তব্যৰ পিছতেই হিসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।
Photo Credit: @abdulrajjak