21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    খেলো ইণ্ডিয়া-শীতকালীন খেলৰ সংস্কৰণ আৰম্ভ, মোদীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে আজি

    আজিৰ পৰা খেলো ইণ্ডিয়া-শীতকালীন দ্বিতীয় সংস্কৰণ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে আজি। এইবাৰৰ খেল হব জম্মু আৰু কাশ্মীৰৰ গুলমাৰ্গত।

    এই খেলৰ উদ্বোধন কৰি মোদীয়ে সকলো খেলুৱৈক শুভেচ্ছা জনাই কয় যে, ‘শীতকালীন খেলত ভাৰতৰ কাৰ্যকৰী উপস্থিতিৰ সৈতে, জম্মু আৰু কাশ্মীৰক এক মুখ্য কেন্দ্ৰ হিচাপে পৰিণত কৰাৰ বাবে ই এক ডাঙৰ পদক্ষেপ। মই জম্মু আৰু কাশ্মীৰ আৰু দেশৰ সকলো খেলুৱৈক শুভেচ্ছা জনাইছো”

    লগতে ইয়াকো কয় যে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত, ক্ৰীড়াকো যথেষ্ট গুৰুত্ব দিয়া হৈছে। আগতে ক্ৰীড়াবোৰ কেৱল অতিৰিক্ত পাঠ্যক্ৰমৰ কাৰ্যকলাপ বুলি গণ্য কৰা হৈছিল, এতিয়া ক্ৰীড়া পাঠ্যক্ৰমৰ অংশ হ’ব। ক্ৰীড়াৰ গ্ৰেডিং শিশুৰ শিক্ষাতো গণনা কৰা হ’ব।

    এইবাৰৰ খেলত মুঠ ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ১২০০ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে। ৭ দিন ধৰি চলিব লগা এই খেল প্ৰতিযোগিতাখনৰ ২ মাৰ্চত অন্ত পৰিব। এই বিষয়ে জনাই কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুই।

    আৰু পঢ়ক : ”কংগ্ৰেছৰ ‘অসম বচাও’ শ্ল’গানৰ অন্তৰালত আছে অসমক বিক্ৰী আৰু ধ্বংস কৰাৰ ব্লু-প্ৰিণ্ট”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং